NORTHEAST NOW (Assamese)
অসম

ধন পুৰস্কাৰ মেলা আঁচনিৰ অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 6, 2021 2:06 pm
a nirmala

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত উপস্থিত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।

ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত তৃতীয় কিস্তিত ৩০০০ টকাকৈ প্ৰদান কৰিব চাহ বাগিচাৰ ৮ লাখ চাহ শ্ৰমিকক।

অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পল্লব লোচন দাস সঞ্জয় কিচান আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছা।

বন্তি প্ৰজ্বলনৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে নিৰ্মলা সীতাৰমণে।

১০ দিনৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ’ব বুলি আশ্বাস হিমন্তৰ।

আৰ্থ সামাজিক আৰু ৰাজনৈতিক উন্নয়নৰ বাবে বিজেপি চৰকাৰে চাহ বাগিচাত কাম কৰি আহিছে।

বাগানতকৈ ভাল অসমীয়া ক’তো নাই বুলি হিমন্তই উল্লেখ কৰে। পৰেশ বৰুৱাকো তেওঁ  প্ৰত্যাহ্বান জনায়। চাহ বাগিচাৰ লোকৰ কষ্ট-পৰিশ্ৰমৰ বাবেই অসমক সমগ্ৰ বিশ্বই জানে বুলি হিমন্তই তেওঁৰ ভাষণত কয়।

চাহ শ্ৰমিকৰ উন্নয়ন, কল্যাণ আৰু স্ব অভিমানৰ বাবে বিজেপি চৰকাৰে কাম কৰি গৈছে।

বিপদৰ সময়ত বিজেপিয়ে  চাহ শ্ৰমিকৰ সৈতে ঠিয় দিয়া বুলিও হিমন্তই মন্তব্য কৰে ।

বিমুদ্ৰাকৰণৰ সময়ত চাহ শ্ৰমিকৰ বেংক একাউন্ট খোলা হৈছিল। ৭০ বছৰে কংগ্ৰেছে চাহ বাগিচাত বেংক একাউণ্ট খুলিব নোৱাৰিলে। তিনিমাহত ৬,৩৩,৪১১ টা বেংক একাউণ্ট খোলা হৈছিল বুলি তেওঁ কয়।

কেৱল বেংক একাউণ্ট খোলাই নহয়, ধন পুৰস্কাৰ মেলাৰ জৰিয়তে ৭,১৫,৯৭৯ টা একাউণ্টলৈ বৃদ্ধি দুৱাৰত ২৫০০ কৈ টকা দিয়া হৈছিল।

৭,৪৬,৬৬৭ টা একাউন্টত মুঠ ২২৪ কোটি টকা এইবাৰ জমা কৰা হ’ব। প্ৰত্যেককে ৩০০০ টকাকৈ দিয়া হৈছিল।

নিৰ্মলা সীতাৰমণে দিয়া নিৰ্দেশ অনুসৰি সকলো চাহ বাগিচাৰ শ্ৰমিকৰ একাউন্টত ধনসমূহ সুমোৱাই দিয়া হৈছিল।

অৰুণোদয় আঁচনিৰ দৰে প্ৰত্যেক মাহত চাহ শ্ৰমিকৰ বেংক একাউন্টত ধন ভৰাই দিয়া হ’ব  যাতে শ্ৰমিকে ছাত্ৰ ছাত্ৰীক পঢ়ুৱাব পাৰে বুলি তেওঁ মন্তব্য কৰে।

প্ৰত্যেক গৰাকী গৰ্ভৱতী মহিলাক ১২০০০ টকাকৈ দিয়া হৈছে। মুঠ ৪৭ হাজাৰ গৰ্ভৱতী মহিলাক এই ধন দিয়া হৈছে।

২ বছৰৰ ভিতৰত গাঁৱৰ ৰাস্তাৰ দৰে চাহ বাগিচাৰ প্ৰতিটো ৰাস্তা পকী কৰা হ’ব।

১১৯ খন বাগিচাত বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু ১ মে ৰ পৰা আৰম্ভ হ’ব বিদ্যালয় সমূহ।

স্কুললৈ গ’লে ছাত্ৰ ছাত্ৰীয়ে গৰম গৰম ভাত খাব পাৰিব বুলিও হিমন্তই কয়।।

চাহ বাগিচালৈ ১০০০ কোটিৰ পেকেজ ঘোষণা কৰাৰ বাবে নিৰ্মলা সীতাৰমণক তেওঁ  ধন্যবাদ জনায়।

পৰৱৰ্তী সময়ত ধন পুৰস্কাৰ মেলাৰ ধন বৃদ্ধিৰ আশ্বাসো দিয়ে  হিমন্ত বিশ্ব শৰ্মাই।