NORTHEAST NOW (Assamese)
অসম

মহাৰাষ্ট্ৰৰ পুনেত ‘লুইত’ৰ উদ্যোগত জাকজমকতাৰে ৰঙালী বিহু উদযাপন

Posted by: এন ই নাও নিউজ April 16, 2018 1:03 pm
WhatsApp

ব’হাগ মাথোঁ এটি ঋতু নহয়/ নহয় ই এটি মাহ/ অসমীয়া জাতিৰ ই আয়ুসৰেখা/ জনজীৱনৰ ই সাহ—  ভূপেনদাই কোৱাৰ দৰে জাতিৰ আয়ুসৰেখা স্বৰূপ বিহুৰ মাদকতা সকলোতে হৃদয়স্পৰ্শী।

সেয়েহে পৃথিৱীৰ যিকোনো প্ৰান্তত থকা অসমীয়াৰ বাবে বিহুৰ মাদকতা হয় স্বতস্ফূৰ্ত। এই মাদকতা তথা পৰম্পৰা ৰক্ষা কৰিয়েই মহাৰাষ্ট্ৰৰ পুনে নিবাসী অসমীয়া সকলৰ সাংস্কৃতিক সংগঠন ‘লুইত’ৰ উদ্যোগত পালন কৰি অহা হৈছে ৰঙালী বিহু।

বিগত বৰ্ষৰ দৰে এইবাৰো যোৱা ১৪ এপ্ৰিল শনিবাৰে ‘লুইত’ৰ উদ্যোগত পুনেৰ ৱান’ৰিস্থিত ছোনাৱানে ইনষ্টিটিউটত উলহ মালহেৰে ৰঙালী বিহু উদযাপন কৰা হয়।

আয়োজক সমিতিয়ে প্ৰকাশ কৰা অনুসৰি উক্ত দিনা সন্ধিয়া প্ৰায় ৪ বজাত গৰুক গা ধুৱাই বিহুৰ কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। গৰু বিহুৰ এই কৰ্যসূচীয়ে উপস্থিত ৰাইজক বাৰুকৈয়ে আকৃষ্ট কৰা পৰিলক্ষিত হয়।

পাছৰ পৰ্যায়ত ল’ৰা-ছোৱালীৰ মাজত খেল ধেমালী, মৌ কুঁৱৰী, বিহু কুঁৱৰী প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে বিভিন্ন দলে বিহু হুঁচৰি, বিহু নৃত্য, জেং বিহু পৰিৱেশন কৰি সকলোকে আকৃষ্ট কৰিবলৈ সক্ষম হয়।

তদুপৰি মুম্বাইৰ কেইবাজনো শিল্পীয়ে অসমীয়া সংগীত পৰিৱেশন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰে।

অনুষ্ঠানটো সফলভাৱে সম্পন্ন হোৱাৰ বাবে আয়োজক সমিতিয়ে সংশ্লিষ্ট সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিছে।