NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ; ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে পথ দুৰ্ঘটনা বৃদ্ধি, জীয়াতু ভূগিছে ৰাইজে

Posted by: ৰিদীপ শৰ্মা, কলিয়াবৰ Updated by: ৰিদীপ শৰ্মা, কলিয়াবৰ May 16, 2022 10:43 am

ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা আৰু চাৰিলেনযুক্ত পথ নিৰ্মাণত চূড়ান্ত হেমাহিৰ ফলতেই দিনক দিনে পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে সৰ্বসাধাৰণ লোকে জীয়াতু ভুগিব লগা হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।

নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অদূৰদৰ্শিতাৰ বাবেই এজাক বৰষুণতে দ দ গাঁতৰ সৃষ্টি হৈছে  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোত। কলিয়াবৰৰ আমনিৰ পৰা কলিয়াবৰ তিনিআলিলৈকে প্ৰায় বিছ কিলোমিটাৰ পথচোৱা বিধ্বস্ত ৰূপৰ বাবেই প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

প্ৰনিধানযোগ্য যে ঘাইপথ প্ৰাধিকৰণৰ লগতে পথ নিৰ্মাণত জৰিত হৈ আছে ছিমপ্লেক্স ইনফ্ৰা লিমিটেড নামৰ কোম্পানীটো।

চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বাবে একেসময়তে ৰাজপথৰ দুয়োকাষে মাটি খান্দি পেলোৱাৰ ফলত ৰাজপথ চোৱা তেনেই ঠেক হৈ পৰাৰ লগতে পথাচাৰীৰ যাতায়ত কৰাৰ সুবিধা নাইকিয়া হৈ পৰিছে।

ফটো: নৰ্থইষ্ট নাও।

ইয়াৰ বিপৰীতে বিকল্প পথৰ ব্যৱস্থা নথকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত খোজ কাঢ়ি নাইবা চাইকেল চলাই যোৱাটোও এতিয়া বিপদজনক হৈ পৰিছে।

ইফালে, পথ নিৰ্মাণৰ স্থানত কোনো সুৰক্ষামূলক ব্যৱস্থা নথকাৰ লগতে কোনোধৰণৰ সাংকেতিক চিহ্নও ৰখা নাই ছিমপ্লেক্সে। ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰে যাতায়ত কৰাটো পথাচাৰীৰ বাবে বিপদজনক হৈ পৰিছে।

এনেবোৰ কাৰণতে প্ৰত্যেক দিনাই ঘাই পথচোৱাত তীব্ৰবেগী বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাব লগা হৈছে বহুজনে।