NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 17, 2022 3:48 pm
Putin very ill with blood cancer

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ভূগিছে ব্লাড কেঞ্চাৰত। শেহতীয়াকৈ পুটিনক এটা অনুষ্ঠানত ভৰিৰ ওপৰত কম্বল লৈ বহি থকা দেখা গৈছিল। লগতে আন এটা ভিডিঅ’ত এখন প্ৰশাসনিক সভাত টেবুলত টানকৈ ধৰি বহি থকা দেখিবলৈ পোৱা গৈছিল পুটিনক।

তেতিয়াৰ পৰাই পুটিনৰ স্বাস্থ্যকলৈ জল্পনা-কল্পনা বৃদ্ধি পাইছে। পুটিনৰ স্বাস্থ্যক লৈ উত্থাপন হৈছে প্ৰশ্ন। আৰু এইবাৰ এগৰাকী কোটিপতি ব্যক্তিৰ গোপন ৰেকৰ্ডিঙৰ তথ্য প্ৰকাশ কৰিছে এখন পশ্চিমীয়া আলোচনীয়ে।

নিউজ লাইনছ আলোচনীয়ে দাবী কৰিছে যে ধনকুবেৰজনৰ গোপন ৰেকৰ্ডিঙত ভ্লাদিমিৰ পুটিন ব্লাড কেঞ্চাৰত গুৰুতৰভাৱে অসুস্থ বুলি প্ৰকাশ পাইছে।

দীৰ্ঘদিন ধৰি পুটিন ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ আছে বুলি ধনকুবেৰ গৰাকীয়ে দাবী কৰিছে। অৱশ্যে নিৰাপত্তাজনিত কাৰণত এই তথ্য প্ৰদান কৰা কোটিপতিগৰাকীয়ে নাম প্ৰকাশ কৰিব বিচৰা নাই।

জানিব পৰা মতে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ কেইদিনমান আগতে পুটিনে পিঠিৰ অস্ত্ৰোপচাৰ কৰিছিল। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কৰা হৈছিল এই অস্ত্ৰোপচাৰ।

পুটিনৰ কৰ্কট ৰোগ নিৰাময় কৰিব পৰা যাব নে নাই সেই সন্দৰ্ভতো পশ্চিমীয়া দেশসমূহে সন্দেহ প্ৰকাশ কৰিছে। কিছুদিন পূৰ্বে ৰাছিয়াৰ বিজয় দিৱস উপলক্ষে তেওঁ চৰ্দি ৰোধ কৰিবলৈ ডাঠ জেকেট পিন্ধি মঞ্চত বহি আছিল।

কিন্তু তেওঁৰ স্বাস্থ্যৰ বিষয়ে বাৰে বাৰে আলোচনা হোৱাৰ বাবে ক্ৰেমলিনে স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্যৰ একো অৱনতি ঘটা নাই তেখেত সুস্থ অৱস্থাতে আছে।

কোটিপতিগৰাকীৰ ৰাজহুৱা হোৱা ৰেকৰ্ডিঙত ৰাছিয়াৰ অৰ্থনীতিৰ সংকটৰ কথাও উল্লেখ আছে। পুটিনে ৰাছিয়াৰ অৰ্থনীতি নষ্ট কৰিছে বুলি শুনা গৈছে ৰেকৰ্ডিঙত।

তেখেতে ইউক্ৰেইনকে ধৰি বিভিন্ন দেশৰ অৰ্থনীতিও ধ্বংস কৰি পেলালে বুলি অভিযোগ কৰি থকা শুনা গৈছে ৰেকৰ্ডিঙটোত। ১১ মিনিটৰ এই চাঞ্চল্যকৰ অডিঅ’ক লৈ এতিয়া সমগ্ৰ বিশ্বতেই সৃষ্টি হৈছে চাঞ্চ্যলৰ।