NORTHEAST NOW (Assamese)
Popular Stories

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 17, 2022 9:26 pm

বিচিত্ৰ প্ৰকৃতিৰ মহিমা বুজাই টান। পোহৰৰ সৈতে ছাঁৰ সম্পৰ্ক এৰাব নোৱাৰা। কিন্তু মায়ানগৰী মুম্বাইত সোমবাৰে এক অদ্ভুত ঘটনা ঘটে। প্ৰখৰ ৰ’দৰ পিছতো মাটিত কোনো বস্তুৰেই ছাঁ নপৰা হৈ পৰে। ফলত আতংকিত হৈ পৰে মুম্বাইবাসী।

আকাশত সূৰ্যটো উজ্জ্বল ৰূপত জিলিকি থকাৰ পিছতো গছ-গছনি, অট্টালিকা, মানুহ, গাড়ী-মটৰ একোৰে ছাঁ নপৰাৰ কথাটোকলৈ মুম্বাইবাসী চিন্তিত হৈ পৰে। এটা কোনো বেয়া দিনৰ আগজাননী নহয়তো!

সোমবাৰে দুপৰীয়া ১২.৩৫ বজাত মুম্বাই চহৰত কেইমিনিটমানৰ বাবে সকলো ছাঁ নাইকিয়া হৈ পৰাৰ বিষয়টো সন্দৰ্ভত বিজ্ঞানীসকলে বাখ্যা আগবঢ়াইছে।

বিজ্ঞানীসকলৰ মতে এয়া কোনো ভয় বা আতংকৰ বিষয় নহয়।

এয়া এক বিশেষ প্ৰাকৃতিক পৰিঘটনাহে, যাক বৈজ্ঞানিক ভাষাত ‘জিৰো ছেডো ডে ‘ বুলি কোৱা হয়। যি ঘটনা কোনো বিশেষ ঠাইত বছৰত দুবাৰলৈকে হ’ব পাৰে।

বিজ্ঞানীসকলৰ মতে +২৩.৫ আৰু -২৩.৫ ডিগ্ৰী অক্ষাংশৰ মাজত থকা ঠাইবোৰত এনে ঘটনা ঘটে।

এনে অৱস্থানত থকা স্থানত সূৰ্য দিনটোৰ সৰ্বোচ্চ বিন্দুত উপনীত হ’লে ছাঁ কিছু সময়ৰ বাবে নাইকিয়া হ’ব পাৰে।

মহাৰাষ্ট্ৰৰ কোলহাপুৰত এই মাহৰ আৰম্ভণিতে একেটা ঘটনাই ঘটিছিল। আনহাতে, উৰিষ্যাৰ ভুৱনেশ্বৰত একেৰাহে ৩ মিনিটৰ বাবে ছাঁ নোহোৱা হৈ পৰিছিল।