নাটোত যোগদান কৰিব ফিনলেণ্ড আৰু ছুইডেনে! দাখিল কৰিছে যোগদানৰ আবেদন

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বাধীন মিত্ৰজোঁট নাটোত যোগদান কৰিবলৈ আগবাঢ়িছে ফিনলেণ্ড আৰু ছুইডেনে। ইতিমধ্যে যোগদানৰ অনুমোদন বিচাৰি নাটোৰ কাৰ্যালয়ত আবেদন দাখিল কৰিছে দেশ দুখনে।
ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ফিনলেণ্ড আৰু ছুইডেনৰ এই কাৰ্যপন্থাই ইউৰোপীয় ৰাজনীতিত বিশেষ গুৰুত্ব বহন কৰিছে।
ফিনিছ আৰু চুইডিছ ৰাষ্ট্ৰদূতসকলৰ পৰা নিবিদা লাভ কৰাৰ পিছতে নাটোৰ মুখ্য কাৰ্যালয়ত মিত্ৰজোঁটৰ মুৰব্বী জেনছ ষ্টলটেনবাৰ্গে সঁহাৰি জনায়।
তেওঁ কয়, “আজি আপোনালোকে দাখিল কৰা আবেদনসমূহ এক ঐতিহাসিক পদক্ষেপ। মিত্ৰশক্তিয়ে এতিয়া আপোনালোকৰ নাটোলৈ যোৱাৰ পথত পৰৱৰ্তী পদক্ষেপবোৰ বিবেচনা কৰিব।”
মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে এই ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি তেওঁ নিশ্চিতি দিয়ে।
উল্লেখ্য যে শীতল যুদ্ধৰ সময়ছোৱাত চুইডেন আৰু ফিনলেণ্ডে নিৰপেক্ষ অৱস্থান গ্ৰহণ কৰিছিল। এতিয়া দেশ দুখনৰ নাটোত যোগদানৰ সিদ্ধান্ত ইউৰোপৰ নিৰাপত্তা প্ৰক্ৰিয়াটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন বুলি অভিহিত কৰা হৈছে।