NORTHEAST NOW (Assamese)
অসম

মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ May 25, 2022 4:28 pm

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা দুৰ্নীতিৰ প্ৰতিবাদত উত্তাল শিৱসাগৰৰ ৰাজপথ।

সদৌ অসম ছাত্ৰ সন্থা আৰু যৌথ সংগ্ৰামী মঞ্চই সাৱ্যস্ত কৰে এই প্ৰতিবাদ।

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে ইন্ধনজাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত দ’লমুখ চাৰিআলিৰ লগতে জিলাখনৰ ২০ টা স্থানত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

মূল্যবৃদ্ধি ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।

ইপিনে শিৱসাগৰৰ জাঁজীৰ পৰা ডিমৌ পৰ্যন্ত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি তথা খৰতকীয়াকৈ নিৰ্মাণ কৰা আৰু পথ নিৰ্মাণত হোৱা দূৰ্নীতিৰ চিবিআইৰ তদন্তৰ দাবীত আজি যৌথ সংগ্ৰামী মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।