NORTHEAST NOW (Assamese)
Popular Stories

মানুহৰ নহয়, কুকুৰৰ জীৱনহে ভালপায় জাপানৰ টাকোৱে, সেয়ে কৰিলে এনে কাম!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 26, 2022 1:09 pm

চখ পূৰণ কৰিবলৈ মানুহে যে কি কি নকৰে! কোনোৱে সুন্দৰ হ’ব বিচাৰে, কোনোৱে আকৌ নিজকে দেখিবলৈ কুৎচিত কৰি পেলায়।

কিন্তু জাপানৰ এইজন লোকে যি কৰিলে সেই কাণ্ডই এনেধৰণৰ সকলোবোৰ কথাই তল পেলাই দিছে। টাকো নামৰ জাপানৰ এজন যুৱকৰ মানুহৰ জীৱন ভাল নালাগিল! সৰুৰে পৰা নিজকে কুকুৰ বুলি ‍ভাৱে! কুকুৰৰ দৰে জীৱন কটাব বিচাৰে।

নিজৰ দৈনন্দিত জীৱনতো বহু কাম কুকুৰৰ দৰে কৰে টাকোৱে। খোৱা–লোৱা, চলা–ফুৰাতো কেতিয়াবা কুকুৰৰ দৰে কৰে টাকোৱে। কিন্তু ইমানতো মন ভৰা নাছিল। এইবাৰ শৰীৰটোৱে কুকুৰৰ দৰে বনাই পেলালে।

কিন্তু মানুহৰ শৰীৰত নানা ছাৰ্জাৰী কৰি কুকুৰলৈ ৰূপান্তৰ হোৱা সম্ভৱ নহয়।

সেয়ে অলপ বেলেগ পথ ল’লে টাকোৱে।

টাকোৱে এটা পোছাক নিৰ্মাণকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰিলে। তেওঁলোকৰ জৰিয়তে হুবহু কুকুৰৰ দৰে এযোৰ পোছাক বনালে। যাৰ দাম ১১ লাখ ৬৩ হাজাৰ টকা।

কিন্তু টাকোৰ চৰ্ত আছিল, পোছাকযোৰ এনেকুৱা হ’ব লাগিব, যাতে কোনোৱে ধৰিব নোৱাৰে সেয়া কুকুৰ নহয় বুলি।

টুইটাৰত এই ছবি পোষ্ট কৰে টাকোৱে। জাপানৰ ৰাস্তাত কুকুৰ হৈ ওলাইছে তেওঁ।

এতিয়া মন গ’লেই এই পোছাক পিন্ধি কুকুৰ হ’ব পাৰিব টাকো!