NORTHEAST NOW (Assamese)
Popular Stories

অলৌকিক নেকি! বোমাই বিধ্বস্ত কৰিব নোৱাৰা এটা মন্দিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 1:51 pm
tanot-mata_1474794571

পৃথিৱীত বহু অলৌকিক ঘটনাই ঘটি থাকে।

ইয়াৰে কিছুমানৰ বৈজ্ঞানিক বাখ্যা সম্ভৱ হৈ উঠিছে যদিও কিছুমান ঘটনাই মানুহক কৌতুহলৰ মাজতে ৰাখিছে।

আনকি অলৌকিকতাত বিশ্বাস নকৰা সকলেও কেতবোৰ ঘটনাৰ আঁত বিচাৰি হাবাথুৰি খোৱা দেখা যায়।

ভাৰতৰ বহু অলৌকিক বা বাখ্যাৰ বাহিৰত থকা বিষয়ৰ ভিতৰত ৰাজস্থানৰ এই বিশেষ মন্দিৰটোও এটা।

ৰাজস্থানৰ জয়ছালমেৰৰ মৰু অঞ্চলত থকা এই বিশেষ মন্দিৰটো এটা দুটা নহ’য়,প্ৰায় হাজাৰটা বোমাৰ আঘাত সহিও অক্ষত অৱস্থাতেই আছে।

পাকিস্তান-ভাৰতৰ সীমান্তত অৱস্থিত জয়ছালমেৰৰ টান’ট মালা মন্দিৰৰ ওপৰত পাকিস্তানৰ বায়ু সেনাই ইটোৰ পিছত সিটোকৈ এহেজাৰৰো অধিক বোমা নিক্ষেপ কৰাৰ পিছতো মন্দিৰটোৰ ইটা এটাও খহি পৰা নাই।

১৯৭১ চনৰ পাক-ভাৰতৰ যুদ্ধৰ সময়ত পাক সেনাৰ বোমাৰ আঘাতেও কোনো ক্ষয়-ক্ষতি কৰিব নোৱাৰা মন্দিৰটোক লৈ কেৱল ভাৰততে চৰ্চা হোৱা নাই,পাক সেনায়ো আনকি মন্দিৰটোৰ অলৌকিকতাত বিস্মিত হৈ পৰিছিল।

পাক-ভাৰত সীমান্তৰ লংগেৱালৰ সমীপত থকা এই মন্দিৰটোলৈ প্ৰতি বছৰে দেল-বিদেশৰ বহু ভক্তৰ সমাগম ঘটে।

ক’ৰ’ণাতংকৰ বাবে অৱশ্যে এই বেলি মন্দিৰটোত ভক্তৰ আহ-যাহ হোৱা নাই।

পাক-ভাৰত সীমান্তৰ মৰুভূমিৰ মাজত আৰু বহু কেইটা অলৌকিক মন্দিৰ থকাৰ কথা প্ৰচলন হৈ আছে।