NORTHEAST NOW (Assamese)
অসম

Gold Reserve দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰত চলোৱা হ’ব খনন, পোৱা যাব ২২২ নিযুত টন সোণ, ক’ত আছে এই স্বৰ্ণভাণ্ডাৰ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী May 29, 2022 4:41 pm

দেশৰ বৃহত্তম স্বৰ্ণভাণ্ডাৰটোত চলোৱা হ’ব খনন। ইতিমধ্যে ভাৰত চৰকাৰৰ সংশ্লিষ বিভাগসমূহে এই সন্দৰ্ভত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

কিন্তু ক’ত আছে দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰটো?

দেশৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰটো আছে বিহাৰত।
বিহাৰ চৰকাৰে জামুই জিলাত থকা দেশৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰৰ খননৰ বাবে অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে বিহাৰ চৰকাৰে।

এজন জ্যেষ্ঠ বিষয়াই ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ জৰীপ অনুসৰি কয় যে জামুই জিলাত ৩৭.৬ টন খনিজ সমৃদ্ধ আকৰিকসহ প্ৰায় ২২২.৮৮ নিযুত টন সোণৰ ভাণ্ডাৰ আছে।

ৰাজ্যৰ খনি আৰু ভূ-বিজ্ঞান বিভাগে জামুইত সোণৰ ভাণ্ডাৰ অন্বেষণৰ বাবে জিএছআই আৰু ৰাষ্ট্ৰীয় খনিজ উন্নয়ন নিগম (এনএমডিচি)কে ধৰি খননত নিয়োজিত সংস্থাসমূহৰ সৈতে আলোচনা কৰি আছে বুলি তেওঁ প্ৰকাশ কৰে।

জামুই জিলাৰ কৰ্মতিয়া, ঝাঝা আৰু চোনোৰ দৰে অঞ্চলত সোণৰ বিশাল ভাণ্ডাৰ থকাৰ কথা ইতিমধ্যে প্ৰমাণ হৈছে।
বিহাৰৰ অতিৰিক্ত মুখ্য সচিব তথা খনি আয়ুক্ত হৰজ্যোত কৌৰ বামৰাহে কয় যে ৰাজ্য চৰকাৰে এমাহৰ ভিতৰত প্ৰাথমিক পৰ্যায়ৰ খননৰ বাবে কেন্দ্ৰীয় সংস্থা বা আন সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তি কৰাৰ সম্ভাৱনা আছে।

কিছুমান ক্ষেত্ৰত সাধাৰণ অন্বেষণো কৰিব পাৰি বুলি বামৰাহে কয়। কেন্দ্ৰীয় খনি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে যোৱা বছৰ লোকসভাত জনাইছিল যে বিহাৰত ভাৰতৰ সোণৰ ভাণ্ডাৰৰ সৰ্বাধিক অংশ আছে। এক লিখিত উত্তৰত তেওঁ কৈছিল যে বিহাৰত ২২২.৮৮৫ নিযুত টন সোণ আছে। যাৰ পৰিমাণ হৈছে দেশৰ মুঠ সোণৰ ভাণ্ডাৰৰ ৪৪ শতাংশ।