NORTHEAST NOW (Assamese)
অসম

কমলা নেহৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰ্তমান সমাজত নাৰীৰ ভূমিকা শীৰ্ষক সজাগতা সভা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 1, 2022 12:25 pm
Kamala Nehru Girls Higher Secondary School

কৃষ্ণ বৰা বি. এড. কলেজৰ শিক্ষক প্ৰশিক্ষাৰ্থী আৰু কমলা নেহৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত ৩১ মে’ত অনুষ্ঠিত হয় এক নাৰী বিষয়ক সজাগতা সভা। সভাৰ মূল আলোচনাৰ বিষয় আছিল “বৰ্তমান সমাজত নাৰীৰ ভূমিকা”।

উক্ত সভাৰ সভানেত্ৰী ৰূপে সভাখন আগুৱাই নিয়ে বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষয়ত্ৰী দিপা শইকীয়াই। সভাৰ মূখ্য অতিথি হিচাপে ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক ৰূপেশ্বৰ শইকীয়া আৰু মূল বক্তা হিচাপে আমন্ত্ৰন কৰা হয় ননৈ মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা কবিতা কুশ্ৰেক।

তেওঁলোকৰ উপৰিও সভাখনত ননৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা তথা সমাজ সেৱিকা পুষ্পা হাজৰীকা, নগোঁসাইথান মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী তথা হোমিঅ’ চিকিৎসক দেৱমাই দেবী, কৃষ্ণ বৰা বি. এড. কলেজৰ সহকাৰী অধ্যাপিকা ক্ৰমে নীলম গগৈ আৰু দীপশিখা বৰা উপস্থিত থাকে।

আমন্ত্ৰিত অতিথি তথা মূল বক্তা ননৈ মহাবিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা কবিতা কুশ্ৰেই বক্তৃতাৰ জৰিয়তে প্ৰাক শংকৰি যুগ আৰু শংকৰী যুগত মহিলাৰ স্থিতি আৰু ভূমিকাৰ কথা উল্লেখ কৰে।

তেওঁ জয়মতী, কনকলতাৰ উদাহৰণৰ যোগেৰে নাৰীয়ে কি ভূমিকা অতীজৰে পৰা পালন কৰি আহিছে আৰু কিদৰে এগৰাকী নাৰীৰ আধ্যাত্মিক, সাংস্কৃতিক, বৌদ্ধিক তথা মানসিক বিকাশ ঘটাব পাৰি তাৰ বিষয়ে বক্তব্য ৰাখে। বক্তৃতাত তেওঁ উল্লেখ কৰে যে সমাজ মনেৰে সুস্থ হলেহে আমি নাৰীৰ ভূমিকাক স্বীকৄতি দিব পাৰিম।

ইয়াৰ পিছতে বিদ্যালয়ৰ অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰী সকলে ‘বৈকল্পিক’ শীৰ্ষক এখন নাটক পৰিৱেশন কৰে।

সভাত মূখ্য অতিথিৰূপে উপস্থিত থকা ননৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক ৰুপেশ্বৰ শইকীয়াই কয় যে গাঁৱৰ যিসকল মহিলাই নিস্বাৰ্থ ভাৱে সদায় সেৱা আগবঢ়াই আহিছে তেওঁলোকৰ ভূমিকাক স্বীকৃতি দিয়া উচিত। তেওঁলোকৰ উন্নতিৰ হকে কাম কৰি আগবঢ়াই নিয়াটো যে সমাজৰ দায়িত্ব সেয়া তেওঁ উনুকিয়াই দিয়ে।

পৰৱৰ্তী কাৰ্যসূচীত কৃষ্ণ বৰা বি. এড. কলেজৰ সহকাৰী অধ্যাপিকা নীলম গগৈয়ে তেওঁৰ বক্তব্য ৰাখে। তেওঁ ভাষণত কোনো এজন শিশুৰ জীৱনত আইৰ ভূমিকাৰ কথা বিষদভাৱে আলোচনা কৰে। তেওঁ বক্তব্যৰে প্ৰেক্ষাগৃহত উপস্থিত সকলো ছাত্ৰীক অনুপ্ৰাণিত কৰে। তেওঁ কয় যে মাতৃ নিৰক্ষৰ হলেও কোনো শিশুৱে যাতে হেয়জ্ঞান নকৰে। ইয়াৰ উপৰিও জীৱন বাটত আগবাঢ়োতে খলা বমাৰ মাজত নিজৰ দায়িত্ব সিন্ধান্ত কিদৰে লোৱা উচিত সেই বিষয়েও তেওঁ মন্তব্য কৰে।

বিশিষ্ট অতিথি ননৈ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা পুষ্পা হাজৰীকাই ভাষণত নাৰীৰ প্ৰতি সমাজত প্ৰচলিত অবহেলা ভাৱৰ বিষয়ে উল্লেখ কৰে। তেওঁ এই অবহেলাৰ কাৰক হিচাপে নিৰক্ষৰতা, দৰিদ্ৰতা আৰু লিংগভিত্তিক বৈষম্যতাৰ কথা বিস্তৃতভাৱে আলোচনা কৰে।

আন এগৰাকী বক্তা নগোঁসাইথান মহিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী দেৱমাই দেবীয়ে নাৰীৰ সজাগতা সৃষ্টি কৰাৰ কিয় প্ৰয়োজন সেই বিষয়ে বাখ্যা কৰে।আনহাতে আমন্ত্ৰিত অতিথি তথা কমলা নেহেৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা লীলাৱতী শইকীয়াই নাৰী সজাগতাৰ প্ৰয়োজনীয়তাৰ বিষয়ে কয়।