NORTHEAST NOW (Assamese)
অসম

MONKEY POX এইখন ৰাজ্যত বিদেশৰ পৰা পৰা অহা লোকে কৰিব লাগিব মাংকি পক্স চিনাক্তকৰণৰ পৰীক্ষা

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 4, 2022 7:57 am

Guwahati: বিশ্বৰ দেশে দেশে এতিয়াও অব্যাহত আছে মাংকি পক্সৰ আতংক।

এনে সময়তে তামিলনাডুৰ চৰকাৰ বাহিৰৰ দেশৰ পৰা অহা লোকসকলৰ মাংকি পক্সৰ পৰীক্ষা কৰোৱাৰ সিদ্ধান্ত লৈছে।

তামিলনাডুৰ স্বাস্থ্য বিভাগে সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ কৰ্তৃপক্ষক মাঙ্কিপক্সৰ লক্ষণ থকা বিদেশী যাত্ৰীসকলক পৃথক কৰি ৰাখিবলৈ পত্ৰ প্ৰেৰণ কৰিছে।

চেন্নাই, কোয়েম্বাটুৰ, তিৰুচি, চালেম, মাদুৰাই আৰু তুতিকোৰিনৰ বিমানবন্দৰৰ সঞ্চালকসকললৈ লিখা এখন পত্ৰত বিভাগটোৱে কয় যে জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ বা অৱসাদৰ দৰে লক্ষণ থকা বিদেশৰ পৰা অহা লোকক আন লোকৰ পৰা নিলগাই ৰাখিব লাগিব ।

তেওঁলোকৰ নমুনা পৰীক্ষাৰ বাবে সংগ্ৰহ কৰিব লাগিব। তেজৰ নমুনা পুনেৰ আইচিএমআৰ-এনআইভি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ’ব।

ভাৰতত এতিয়ালৈকে কোনো মাঙ্কিপক্সৰ ঘটনা ধৰা পৰা নাই। মাংকি পক্সৰ লক্ষণসমূহ হ’ল — জ্বৰ, পেশীৰ বিষ আৰু গ্ৰন্থি আদি ফুলা।মাংকি পক্সত আক্ৰান্ত লোকৰ মুখ আৰু শৰীৰত চিকেন পক্সৰ দৰে চোকোৰা-চোকৰ গুটি ওলায়।

যৌন সংক্ৰমণৰ জৰিয়তে মাংকি পক্সৰ বিস্তাৰ ঘটিব পাৰে বুলি স্বাস্থ্য বিজ্ঞানীসকলে মন্তব্য কৰিছে।