NORTHEAST NOW (Assamese)
অসম

চৰকাৰী চাকৰি পোৱাই কাল হ’ল পত্নীৰ, হিংসাতে পতিয়ে কাটি পেলালে পত্নীৰ হাত

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী June 6, 2022 5:21 pm

চৰকাৰী চাকৰি এটা পালে কাৰনো ভাল নালাগে? চৰকাৰী চাকৰি পাই ভাল লাগিছিল পশ্চিমবংগৰ ৰেণু খাতুন নামৰ মহিলা গৰাকীৰ। নাৰ্ছিঙৰ প্ৰশিক্ষণ লোৱা ৰেণুৱে এখন ব্যক্তিগত চিকিৎসালয়ত নাৰ্ছৰ কাম কৰি ঘৰ খন চলাই আছিল।

পশ্চিমবংগৰ পূব বৰ্ধমান জিলাৰ কেতুগ্ৰামৰ বাসিন্দা ৰেণুই কিছুদিন আগতে ৰাজ্য চৰকাৰৰ অধীনৰ স্বাস্থ্য বিভাগত এগৰাকী নাৰ্ছৰ চাকৰি পাইছিল।

কিন্তু কোনো কাম-বন নকৰা ৰেণুৰ স্বামী শ্বৰিফুল শ্বেখে ৰেণুৱে চাকৰি পোৱা কথাটো সহজভাবে ল’ব পৰা নাছিল। সেয়ে হিংসাতে তেওঁ পত্নী ৰেণুক আক্ৰমণ কৰি এখন হাত কাটি পেলায়।

ঘটনাটো সংঘটিত কৰিয়েই ৰেণুৰ স্বামী শ্বৰিফুল শ্বেখে পলায়ন কৰ। ইপিনে ৰেণু খাতুনক সংকটজনক অৱস্থাত ৰেণুক স্থানীয় লোকে চিকিৎসালয়ত ভৰ্তি কৰোৱায় ।

শ্বৰিফুল শ্বেখৰ সৈতে ৰেণুৰ ২০১৭ চনৰ অক্টোবৰ মাহত বিয়া হৈছিল। পত্নী ৰেণুৰ কিবা উন্নতি দেখিলেই স্বামী শ্বৰিফুল শ্বেখ ঈৰ্ষান্বিত হৈ পৰিছিল।

তাৰেই পৰিণতিত চৰকাৰী চাকৰি লাভ কৰা ৰেণুৰ হাত শ্বৰিফুল শ্বেখে কাটি পেলায়।বৰ্তমান সংকটজনক অৱস্থাত ৰেণু দুৰ্গাপুৰ মিছন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।