NORTHEAST NOW (Assamese)
Popular Stories

চাইকেলৰ পৰা পৰিল গৰিলা: খঙতে কৰিলে এই কাণ্ড…..

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 10, 2022 9:24 pm
Gorilla riding a bicycle

সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হোৱা কিছুমান ভিডিঅ’ই আমাক ব্যাপক মনোৰঞ্জনৰ যোগান ধৰে। এনে ভিডিঅ’সমূহত থকা হাস্যৰসৰ অদ্ভুত উপাদানসমূহে সহজতেই আকৰ্ষণ কৰে হাঁহিপ্ৰিয় মানুহক। শেহতীয়াকৈ এনে এটা ভাইৰেল ভিডিঅ’ই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

আপুনি নিজ চকুৰে নিশ্চয় এটা গৰিলাক চাইকেল চলোৱা দেখিবলৈ পোৱা নাই? চাবলৈ গ’লে ই প্ৰায় এটা অদ্ভুত প্ৰশ্নই। পিছে সামাজিক মাধ্যমত শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’টোত এটা প্ৰকাণ্ড গৰিলাই যি কাণ্ড কৰিলে, সি স্বাভাৱিকতেই আপোনাৰ চকু কপালত তুলিব।

ভিডিঅ’টোত এই গৰিলাটোৱে এখন সৰু চাইকেল চলাই থকা দেখিবলৈ পোৱা গৈছে। খুব সহজভাৱেই চাইকেলখন চলাই থাকোঁতে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই চাইকেলৰ পৰা বাগৰি পৰে গৰিলাটো।

ইয়াতে গৰিলাটোৰ উঠে প্ৰচণ্ড খং। খঙৰ ভমকত গৰিলাটোৱে দুয়োখন হাতেৰে চাইকেলখন দাঙি আঁতৰলৈ দলিয়াই দিয়ে। গৰিলাটোৰ এই কাণ্ডই সকলোকে হাঁহিৰ খোৰাক যোগাইছে।

 

ভাইৰেল হৈ পৰা এই ভিডিঅ’টো টুইটাৰত এজন আইএফএছ বিষয়াই শ্বেয়াৰ কৰিছে। কেইবাহাজাৰো লোকে দৰ্শন কৰা ভিডিঅ’টোৰ কমেণ্ট বক্সত টুইটাৰ ব্যৱহাৰকাৰী সকলে বিভিন্ন ধৰণৰ হাস্যকৰ মন্তব্য আগবঢ়াইছে।