NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ মোনাবাৰীত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান

Posted by: কাজি জেইদুল ইছলাম,বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম,বিশ্বনাথ June 12, 2022 4:12 pm

চাইনিং গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৮ দিনীয়া বৃক্ষ ৰোপন কাৰ্যসূচীৰ আজি অন্ত পৰে। চাইনিং গ্ৰীণ আচিয়ানা চ’চাইটিৰ অধ্যক্ষ ড°কিশোৰ হাজৰিকা আৰু সঞ্চালিকা স্নিগ্ধাজ্যোতি হাজৰিকাৰ প্ৰচেষ্টাত যোৱা ২০১১ চনৰ পৰাই এনেধৰণৰ কাৰ্যসূচী হাতত লৈ আহিছে।

৮ দিনীয়া এই কাৰ্যসূচীৰ অন্তিম দিনা আজি বিশ্বনাথৰ বিহালীস্থিত গ্ৰীণ আছিয়ানা প্ৰেক্ষাগৃহত পৰিৱেশ সজাগতা সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশ্ব বিখ্যাত তথা অৰণ্য মানৱ হিচাপে পৰিচিত পদ্মশ্ৰী যাদৱ পায়েং । আজি পুৱা তেওঁ গ্ৰীণ আছিয়ানা ৱেলফেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্মকৰ্তা আৰু বিশিষ্ট অতিথিৰ উপস্থিতিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে ।

ইয়াৰ পিছত তেওঁ পৰিৱেশ সজাগতা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰকৃতিবিদ কুমুদ বৰুৱা , বিশ্বনাথৰ সহকাৰী আয়ুক্ত কংকণা শ‌ইকীয়া সহ বহু কেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ সঞ্জীৱন বঁটা প্ৰদান কৰা হয় অৰণ্য মানৱ গৰাকীক লগতে এই অনুষ্ঠানতে নিজৰ মাটি বিক্ৰী কৰি গছপুলি ৰোপণ কৰি পৰিৱেশলৈ পৰিবৰ্তন আনিবলৈ সক্ষম হোৱা কুমুদ বৰুৱাক পৰিৱেশ সচেতকৰ বঁটা প্ৰদান কৰা হয় । লগতে বিশ্বনাথৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ সাংবাদিক হেমন্ত শ‌ইকীয়াক সংবাদ সঞ্জীৱন বঁটা প্ৰদান কৰা হয় ।