NORTHEAST NOW (Assamese)
অসম

CBI Raids: গুৱাহাটীত বৃহৎ কেলেংকাৰীৰ বিৰুদ্ধে চিবিআইৰ অভিযান; আটক ব্যৱসায়ী

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী June 13, 2022 6:29 pm

দিল্লীৰ পৰা অহা চিবিআইৰ বিশেষ অভিযানকাৰী দলৰ নেতৃত্বত দেওবাৰে নিশাৰ পৰা গুৱাহাটীত চলিছে অভিযান।

জুৰোডত চলা এই অভিযানত এজন ব্যৱসায়ীক আটক কৰা হৈছে।

অৰুণাচলৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ভুৱা বিল আদায় তথা অনিয়ম সন্দৰ্ভত চলে এই অভিযান।

আটক কৰা ব্যৱসায়ীগৰাকীক বিশেষ আদালতত হাজিৰ কৰি পুনৰ জিম্মাত ল’ব বুলি ইতিমধ্যে প্ৰকাশ পাইছে যদিও চিবিআই অথবা ঘাইপথ প্ৰাধিকৰণে এই ক্ষেত্ৰত কোনো তথ্য প্ৰকাশ কৰা নাই।

জানিব পৰা মতে জুৰোডৰ উপৰিও কেইবাটাও স্থানত চলিব এই অভিযান।

অভিযানত আটক কৰা ব্যৱসায়ীজনৰ নাম দীপক দাস বুলি জানিব পৰা গৈছে।

অসম আৰক্ষীৰ সহায় নোলোৱাকৈ চিবিআইয়ে নিজাববীয়াকৈ অভিযান চলাইছিল।

বাতৰি অনুসৰি, অভিযানত দীপক দাসৰ লগতে আৰু বহু কেইজন লোকক আটক কৰা হৈছে।