NORTHEAST NOW (Assamese)
দেশ

কেৱল শাৰীৰিকভাৱেই বলৱান নহয়; অপত্য স্নেহৰ গুণেৰেও তুলনাবিহীন হাতী: ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 23, 2022 5:16 pm
Viral video

সামাজিক মাধ্যমত সময়ে সময়ে ভাইৰেল হৈ পৰা কিছুমান ভিডিঅ’ই ব্যাপক চৰ্চা লাভ কৰে। এনে ভিডিঅ’ সমূহৰ অধিকাংশই মূলত: মনোৰঞ্জনধৰ্মী হ’লেও এনে কিছু ভিডিঅ’ও থাকে, যি ভিডিঅ’ই আমাক মানসিক প্ৰশান্তি প্ৰদান কৰে। এনে ভিডিঅ’বোৰে ব্যক্তিৰ মন:স্তাত্বিক জগতখনক আন্দোলিত কৰি তোলে।

বিশেষকৈ সামাজিক মাধ্যমত এনেদৰে ভাইৰেল হৈ পৰা অবোধ জীৱ-জন্তুৰ কিছুমান ভিডিঅ’ই সকলোৰে অন্তৰ স্পৰ্শ কৰে। সম্প্ৰতি এনে এক ভিডিঅ’ই সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলক ব্যাপকভাৱে প্ৰভাৱিত কৰি তুলিছে।

৩৮ ছেকেণ্ডৰ এই সৰু ভিডিঅ’ ক্লিপটো আইএফএছ বিষয়া সুশান্ত নন্দাই টুইটাৰত শ্বেয়াৰ কৰিছে।ভিডিঅ’টোত বনৰীয়া হাতীৰ এটা জাকে নৱজাত এটা হাতী পোৱালীক জাকৰ মাজত সোমাৱাই পথ পাৰ হোৱা দেখিবলৈ পোৱা গৈছে।

নৱজাতক পোৱালীটোৱেও হাতীৰ জাকটোৰ সৈতে খোজ মিলাই জাকৰ মাজে মাজে সমুখলৈ খোজ দিছে।

ভিডিঅ’টোৰ সৈতে নন্দাই লিখিছে, “পৃথিৱীৰ কোনোৱেও হাতীৰ জাকটোতকৈ এটা মৰমলগা নৱজাতক কেঁচুৱাক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে।”

ভিডিঅ’টো সত্যমঙ্গলম কইম্বাটুৰ পথৰ বুলি উল্লেখ কৰি নন্দাই লগতে হাতী জাকটোৱে নৱজাত পোৱালীটোক এইদৰে মাজত সোমোৱাই লৈ যোৱা বাবে ইয়াক Z+++ পৰ্যায়ৰ সুৰক্ষা প্ৰণালী বুলি অভিহিত কৰে।

 

ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰাৰ পিছতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে হাতী জাকটোৰ এই মমতাময় আচৰণক প্ৰশংসা কৰাৰ লগতে সুখ ব্যক্ত কৰে।

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো সম্পৰ্কত লিখিছে, “ইমান ধুনীয়া। হাতীৰ ইমান শক্তিশালী বান্ধোন থাকে যে জাকৰ প্ৰতিটো হাতীয়ে প্ৰতিটো পোৱালীৰ মাতৃৰ দৰে হৈ পৰে। পোৱালীবোৰৰ সুৰক্ষাৰ প্ৰতি হাতী কিমান সজাগ এই ভিডিঅ’টোৱে প্ৰমাণ কৰে।”

আন এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে বিশ্বৰ কিছুমান শীৰ্ষস্থানীয় চোৰাংচোৱা সংস্থাৰ উদাহৰণ দি কয়, “এয়া হৈছে স্কটলেণ্ড য়াৰ্ড, মোচাদ, চি.আই.এ., কে.জি.বি., এন.আই.এ. একেলগে। যদি কোনোৱে এই সুৰক্ষা প্ৰণালী ভাঙিবলৈ চেষ্টা কৰাৰ সাহস কৰে, তেওঁ ইয়াৰ সমুখত চূৰ্ণ-বিচূৰ্ণ হ’ব।”

বৰ্তমানলৈকে এই ভিডিঅ’টো প্ৰায় চাৰি লাখ লোকে দৰ্শন কৰাৰ লগতে প্ৰায় ১৮,০০০ ৰিটুইট কৰা হৈছে। ভিডিঅ’টোৰ প্ৰতি এনে সঁহাৰিয়ে স্বাভাৱিকতেই জীৱ-জন্তুৰ প্ৰতি থকা এই লোকসকলৰ প্ৰেম প্ৰকাশ কৰিছে।