NORTHEAST NOW (Assamese)
অসম

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 4, 2022 2:44 pm

ৰাজ্যপালক সাক্ষাৎ কৰি সোমবাৰে স্মাৰক পত্ৰ প্ৰদান তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।

স্মাৰক পত্ৰ প্ৰদান কৰাৰ পাছত তেওঁ সাংবাদিকৰ আগত কয় “অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে। মোদীয়ে কেৱল অসমীয়া গামোচাখন পিন্ধিলেই নহ’ব,বৰ্নাত্যৰ খবৰ ল’বলৈ আহক।”

অসমৰ বানপানীৰ বাবে কেন্দ্ৰৰ পৰা পেকেজ বিচাৰিবলৈ আহ্বান তৃণমূল কংগ্ৰেছৰ। বৰাক আৰু ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকাৰ বাবে সুকীয়াকৈ পেকেজ আৱণ্টনৰ দাবী তৃণমূল কংগ্ৰেছৰ।

“অসমৰ বান সমস্যাৰ বাবে কেন্দ্ৰই পৰ্যাপ্ত পুঁজি আৱণ্টন কৰা নাই।মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদিহে পৰ্যাপ্ত পুঁজি আছে তেন্তে কিয় বানাক্ৰান্তক সাহয্য দিবলৈ কিয় সক্ষম হোৱা নাই? যদিহে পৰ্যাপ্ত পুঁজি ৰাজভঁৰালত আছে তেন্তে কিয় পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল’বলৈ বিচাৰিছে ৰাজ্য চৰকাৰে?” বুলিও ৰিপুন বৰাই কয়।

বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে কেন্দ্ৰৰ পৰা বিশেষজ্ঞ কমিটীৰ প্ৰতিনিধি প্ৰেৰণৰ দাবী কৰে ৰিপুন বৰাই লগতে
অসমৰ বানত মৃত্যু হোৱা লোকসকললৈ ৫ লাখকৈ টকাৰ ক্ষতিপূৰণ প্ৰদান আৰু মণিপুৰত ভূমিস্খলনত নিহত হোৱা অসমৰ লোকসকলক ৫ লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী কৰে বৰাই।