NORTHEAST NOW (Assamese)
অসম

১০ বছৰে অনাদায় বকেয়া ধন; শিৱসাগৰত সুলভ মূল্য ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ July 11, 2022 3:01 pm

১০ বছৰে অনাদায় বকেয়া ধন আদায় তথা বিভিন্ন দাবীত শিৱসাগৰত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই আজি প্ৰতিবাদ সাৱ্যস্ত কৰে।

শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে সুলভ মূল্য ব্যৱসায়ী সন্থাই।

২০১২ চনৰ পৰা অনাদায় হৈ থকা বকেয়া শীঘ্ৰেই আদায় দিয়া, কেৰাচিন তেলৰ দাম হ্ৰাস কৰা, নিয়মীয়াকৈ চেনি যোগান ধৰাকে আদি কৰি বিভিন্ন দাবীৰ সমৰ্থনত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

সন্থাৰ ডেৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড, বেনাৰ লৈ গেছৰ চিলিণ্ডাৰ সুলভ মূল্যৰ দোকানৰ জৰিয়তে প্ৰদানৰ ব্যৱস্থা কৰক, বকেয়া আদায় দিয়ক আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে।

অচিৰেই দাবী সমূহ পূৰণ নকৰিলে সংসদ ভৱন ঘেৰাও কৰিব বুলিও ঘোষণা কৰে সুলভ মূল্যৰ ব্যৱসায়িক সন্থাই।