NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ চান্দমাৰীত চঞ্চল্যকৰ ঘটনা: অনলাইন সামগ্ৰীৰ ডেলিভাৰী বয়ক আক্ৰমণ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 11, 2022 4:32 pm
Guwahati

চান্দমাৰী মিলনপুনৰত আজি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মিলনপুৰৰ এজন বাসিন্দাৰ আক্ৰমণৰ বলি হৈছে অনলাইন সামগ্ৰীৰ এগৰাকী ডেলিভাৰী বয়ক।

সূত্ৰ অনুসৰি E.Com Express নামৰ অনলাইন সামগ্ৰীৰ বিতৰণ কোম্পানীটোত কৰ্মৰত যুৱকজনে আক্ৰমণকাৰী ব্যক্তিগৰাকীৰ এটা অনলাইন পাৰ্চেল দিবলৈ গৈছিল।

কিন্তু পাৰ্চেলৰ বিনিময়ত পাবলগীয়া পইচা বিচাৰোঁতেই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ডেলিভাৰী বয়জনক।

আক্ৰমণৰ বলি হোৱা ডেলিভাৰী বয়জনক ৰাতুল দাস বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আক্ৰমণ চলোৱা ব্যক্তি জনৰ নাম ডাইমণ্ড চৌধুৰী বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বেও এনে অপৰাধমূলক ঘটনাত জড়িত হৈ ডাইমণ্ড চৌধুৰী বহুবাৰ জেললৈ গৈছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।