NORTHEAST NOW (Assamese)
অসম

মৃত্যু নগৰী গুৱাহাটী! মহানগৰীত পুনৰ উদ্ধাৰ হ’ল মৃতদেহ

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 12, 2022 5:03 pm
Guwahati

ক্ৰমাৎ যেন এক মৃত্যু নগৰীত পৰিণত হৈ পৰিছে গুৱাহাটী মহানগৰ। শেহতীয়া কেইটামান মাহ ধৰি গুৱাহাটীত ধাৰাবাহিকভাৱে মৃতদেহ উদ্ধাৰৰ খবৰে জোকাৰি গৈছে ৰাজধানী চহৰখনক।

এনে ঘটনাই স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ ৰাজধানী খনৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি। প্ৰশ্ন হৈছে ৰাজধানী চহৰখনতেই জনসাধাৰণৰ নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰা আৰক্ষী প্ৰশাসন তথা গৃহ মন্ত্ৰালয়ৰ দক্ষতাৰ ওপৰত।

শেহতীয়াকৈ একেলেঠাৰীয়ে মৃতদেহ উদ্ধাৰৰ খবৰে মহানগৰবাসীক নিৰাপত্তাৰ বিষয়ত চিন্তিত কৰি তোলাৰ সময়তে আজি পুনৰ গুৱাহাটী মহানগৰীত এটা মৃতদেহ উদ্ধাৰ হৈছে।

গগুৱাহাটীৰ মালিগাঁৱৰ ১নং গেটত উদ্ধাৰ হৈছে এই মৃতদেহটো। এটা পৰিত্যক্ত কোৱাৰ্টাৰত এই মৃতদেহটো উদ্ধাৰ হৈছে।

মৃতদেহটো সন্দৰ্ভত সম্ভেদ লাভ কৰাৰ পিছতে জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

সম্প্ৰতি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।

জালুকবাৰী আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও মৃত লোকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।