NORTHEAST NOW (Assamese)
জীৱনশৈলী

Pets Care: ঘৰত পোহনীয়া জন্তু থাকিলে আপুনি কি ফুল বা উদ্ভিদ পৰিহাৰ কৰিব লাগে জানেনে?

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী July 13, 2022 1:45 pm
Pets Care

কেতিয়াবা অজ্ঞাতে আমি আমাৰ ঘৰ সযতনে ৰাখিবলৈ পাহৰি যাওঁ, যাৰ ফলত আপোনাৰ পোহনীয়া জন্তুৰ স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। উদাহৰণ স্বৰূপে আপুনি আপোনাৰ ঘৰতে ৰোৱা বহু গছ আপোনাৰ ভাল লাগিব পাৰে, কিন্তু সেইবোৰ আপোনাৰ পোহনীয়া জন্তুৰ বাবে বিপদজনক প্ৰমাণিত হ’ব পাৰে।

ঘৰৰ ভিতৰৰ উদ্ভিদ, বাগিচাৰ উদ্ভিদ, বা আনকি ফুলৰ থোপা- ইয়াৰে কিছুমানে ঘৰৰ পোহনীয়া জন্তুবোৰৰ বাবে এক গুৰুতৰ ভাবুকি সৃষ্টি কৰিব পাৰে।

পোহনীয়া জন্তু পৰিয়ালটোৰ এগৰাকী সদস্যৰ দৰে। কিন্তু ইয়াৰ পৰিচৰ্যা এটা বৰ ডাঙৰ দায়িত্ব। পোহনীয়া জন্তুৰ মালিকসকলে কেতিয়াও এই দায়িত্ব সহজভাৱে ল’ব নালাগে আৰু তেওঁলোকে তেওঁলোকৰ আটাইতকৈ মূল্যৱান পৰিয়ালৰ সদস্যক দিয়া পৰিৱেশৰ বিষয়ে সতৰ্ক হোৱা উচিত।

ঘৰত পোহনীয়া জন্তু থাকিলে এই উদ্ভিদ বা ফুলৰ গছ সমূহ নাৰাখিব:-

১)এমাৰিলিচ:-এমাৰিলিছ হৈছে উজ্জ্বল লিলিসদৃশ ফুল আৰু ইয়াৰ আকৰ্ষণীয় পাত আছে। এমাৰিলিছ হৈছে এক আকৰ্ষণীয় ফুল যি শীতকালত যিকোনো কোঠাত ৰাখিব পাৰে।

Also Read : বজাৰলৈ আহিল Nothing Phone 1: চাওক কেইখনমান বিশেষ ফটো

কিন্তু এই ধুনীয়া ফুলবিধ আপোনাৰ পোহনীয়া জন্তুৰ বাবে অত্যন্ত ক্ষতিকাৰক। দৰাচলতে ই কেৱল কুকুৰ বা মেকুৰী নহয়, সকলো জন্তুৰ বাবে বিষাক্ত। যদি পোহনীয়া জন্তুৱে এমাৰিলিছৰ যিকোনো অংশ খায়, ই অত্যাধিক বমি বা লেলাৱতি কৰিব পাৰে।

এই ফুল গছৰ যিকোনো অংশ ভক্ষণৰ ফলত জন্তুৰ ভয়াৱহ ডায়েৰিয়া আৰু শৰীৰত কপনি হব পাৰে। তাৰোপৰি অন্যান্য লক্ষণবোৰৰ ভিতৰত আছে পেটৰ বিষ আৰু ৰক্তচাপ হ্ৰাস।

২)ডেফোডিল:- ডেফোডিল হৈছে আন এটা সুন্দৰ উদ্ভিদ যি আপোনাৰ পোহনীয়া জন্তুৰ বাবে বিপদৰ সৃষ্টি কৰে। চৰাই, মেকুৰী বা কুকুৰৰ বাবে ডেফোডিলৰ পৰা বিপদাশংকা থাকিব পাৰে।

 

ডেফোডিলবোৰ বিপদজনক হোৱাৰ কাৰণ হ’ল উদ্ভিদটোত লাইকোৰিন নামৰ এটা ক্ষতিকৰ পদাৰ্থ থাকে। লগতে গ্লাইকোচাইড নামৰ আন কিছুমান বিষাক্ত পদাৰ্থও ডেফোডিলত থাকে। এইটো বিশেষকৈ কুকুৰবোৰৰ বাবে বেয়া হ’ব পাৰে।

পোহনীয়া জন্তুৰ ক্ষেত্ৰত ডেফোডিল বিষক্ৰিয়াৰ ফলত গুৰুতৰ ডায়েৰিয়া, কম্পন আৰু বমি হয়। মেকুৰী আৰু চৰাইবোৰৰ কেতিয়াবা মগজুৰ কাৰ্যকলাপ হঠাৎ স্তব্ধ হৈ পৰা যেন অনুভৱ হ’ব পাৰে। চৰাইৰ ক্ষেত্ৰত, অত্যাধিক পৰিমাণে গ্ৰহণ কৰিলেও ই মাৰাত্মক হ’ব পাৰে।

৩)লিলি:- লিলি হৈছে এবিধ মোহনীয় ফুল। কিন্তু ইয়াক পোহনীয়া জন্তুৰ পৰা আঁতৰাই ৰাখিব লাগে। লিলিয়ে পোহনীয়া জন্তু, বিশেষকৈ চৰাই আৰু মেকুৰীৰ ওপৰত বেয়া প্ৰভাৱ পেলায়।

Also Read : Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

লিলিৰ ভক্ষণৰ পিছত মেকুৰী, কুকুৰ আৰু চৰাইবোৰে মুখ আৰু পাচন নলীত জ্বলা-পোৰা অনুভৱ কৰে। ইয়াৰ ফলত জন্তুটোৰ বমিও হ’ব পাৰে। লিলি আপোনাৰ মেকুৰীৰ বাবে মাৰাত্মক হ’ব পাৰে কিয়নো এই উদ্ভিদবোৰৰ যিকোনো অংশই হঠাতে বৃক্ক বিকল কৰিব পাৰে।

৪) মেৰিগোল্ড:- ভাৰতীয় ঘৰবোৰত মেৰিগোল্ড বৰ প্ৰিয়। কিন্তু, মেৰিগোল্ড পোহনীয়া জন্তুৰ বাবে ভাল নহয়। যদি মেকুৰীয়ে মেৰিগোল্ড উদ্ভিদৰ পাতত কুটি থাকে, ইয়াৰ পেটত বিষ আৰু মুখ খন জ্বলি উঠিব পাৰে লগতে ডায়েৰিয়াও অনুভৱ কৰিব পাৰে।

মেৰিগোল্ডৰ ৰসে মেকুৰীৰ ছালতো জ্বলনৰ সৃষ্টি কৰিব পাৰে। কুকুৰৰ ক্ষেত্ৰত মেৰিগোল্ডৰ ৰসে ছালত খজুৱতি কৰিব পাৰে।

কোনবোৰ উদ্ভিদে আপোনাৰ পোহনীয়া জন্তুৰ ক্ষতি কৰিব পাৰে সেই বিষয়ে সঠিক জ্ঞানেৰে নিজকে সজ্জিত কৰাটো সদায়ে গুৰুত্বপূৰ্ণ। কিছুমান উদ্ভিদৰ মৃদু প্ৰতিক্ৰিয়া থাকে আৰু কিছুমান অত্যন্ত বিপদজনক হ’ব পাৰে।

সেয়েহে যদি আপুনি আপোনাৰ পোহনীয়া জন্তুৱে ক্ষতিকাৰক উদ্ভিদ গ্ৰহণ কৰিছে বুলি অৱগত হয় বা সন্দেহ কৰে, আপুনি লগে লগে চিকিৎসকৰ সহায় লোৱা উচিত।

Also Read : Health benefits of Panta bhat: গৰমৰ দিনত পঁইতা ভাত বহুতৰে প্রিয়, কিন্তু আপোনালোকে তাৰ উপকাৰিতাৰ বিষয়ে জানেনে?