NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সত্ৰ মহাসভাৰ ভূমিকাক সৰ্বত্ৰ ধিক্কাৰ : মহাসভাৰ জৰুৰী সভা আহ্বান

Posted by: এন ই নাও নিউজ April 20, 2018 7:23 am
23-08-16 Guwahati- Sattra Mahasabha PMT (3)

নতুন দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অনুষ্ঠিত হোৱা শুনানিত অসম সত্ৰ মহাসভাৰ স্থিতিকলৈ ৰাজ্যখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে মহাসভাৰ বিষয়ববীয়াসকলৰ মাজত তৎপৰতা আৰম্ভ হৈছে।

বিষয়টোক লৈ ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে সত্ৰ মহাসভাক ধিক্কাৰ দিয়াৰ লগতে অসমৰ জাতীয় জীৱনৰ এটা জলন্ত সমস্যাৰ বিষয়ত জাতিদ্ৰোহী সিদ্ধান্ত গ্ৰহণ কৰা বুলি তীব্ৰ সমালোচনা কৰা হৈছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সম্পৰ্কত সংসদৰ যুটীয়া সংসদীয় সমিতিৰ শুনানিত অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে হিন্দু বাংলাদেশীৰ সপক্ষে মত পোষণ কৰা বুলি ওলোৱা বাতৰিৰ পিছত ৰাজ্যখনৰ জাতীয় সংগঠনসমূহৰ ৰোষত পৰিছে সত্ৰ মহাসভা।

এনে পৰিস্থিতিৰ মাজতে সত্ৰ মহাসভাৰ মজিয়াতো বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মহাসভাৰ একাংশ বিষয়ববীয়াই এয়া সত্ৰ মহাসভাৰ সৰ্বসন্মত সিদ্ধান্ত নহয় বুলি প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰাধানীয়ে অহা ২১ এপ্ৰিলত কৰ্ণধাৰ সমিতিৰ জৰুৰী বৈঠক আহ্বান কৰিছে। উক্ত সভাত সকলো বিষয়ববীয়াকে উপস্থিত থাকিবলৈ সভাপতি গৰাকীয়ে আহ্বান জনাইছে।

যোৱা ১৭ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত হোৱা যুটীয়া সংসদীয় সমিতিৰ আগত দিয়া ভাষ্য সমিতিৰ সদস্য ভুৱনেশ্বৰ কলিতাই ৰাজহুৱা কৰাৰ পিছত সত্ৰ মহাসভাৰ স্থিতিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।