NORTHEAST NOW (Assamese)
অসম

কৃষ্ণাইত যাতায়াতৰ বাবে সাজু বেইলী দলং : শণিবাৰে মুকলি কৰাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ April 20, 2018 8:12 am
bailey bridge

গোৱালপাৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাই নৈৰ ওপৰত থকা পকী দলংখন দুৰ্বল হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উক্ত স্থানত নিৰ্মাণ কৰা বেইলী দলং খন শণিবাৰে যাতায়াতৰ বাবে মুকলি কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে গোৱালপাৰাৰ নৰনাৰায়ণ সেতু হৈ উজনি পৰ্যন্ত ব্যস্ত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কৃষ্ণাই নৈৰ ওপৰত থকা পকী দলংখনৰ তলৰ ফালে বৃহৎ ফাঁট মেলাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই যোৱা ২৫ মাৰ্চত আকস্মিকভাৱে দলংখন বন্ধ কৰি দিয়ে। এই সিদ্ধান্তৰ ফলত উক্ত অঞ্চলৰে যাতায়াত কৰা জনসাধাৰণে বিগত প্ৰায় ২৫ দিনে এক অবৰ্ণনীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈ আহিছে।

পথটো বন্ধ হৈ থকাৰ ফলত গোৱালপাৰা জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, ধুবুৰী তথা সীমামূৰীয়া মেঘালয় আৰু পশ্চিমবংগৰ ৰাইজ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

মনকৰিবলগীয়া যে উক্ত পথটোৰে যাত্ৰা কৰা লোকসকলে গুৱাহাটীৰ সৈতে যোগাযোগ স্থাপন কৰাৰ বাবে প্ৰায় ৪০ কিলোমিটাৰ পথ ঘূৰি যাতায়াত কৰিব লগা হোৱাত যথেষ্ট কষ্টসাধ্য আৰু ব্যয়বহুল হৈ পৰিছে।

ইমান দিনে যমৰ যন্ত্ৰনা ভোগ কৰি অহা নামনি অসমৰ একাংশ ৰাইজে বেইলী দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ কথা জানিব পাৰি সন্তোষ প্ৰকাশ কৰিছে। অৱশ্যে দলংখন কেতিয়াকৈ যাতায়াতৰ বাবে মুকলি কৰি দিয়ে সেয়া এতিয়াও অনিশ্চিত।

এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষই আমাক জানিবলৈ দি কয় যে বেইলী দলং খন যাতায়াতৰ বাবে মুকলি কৰি দিবলৈ আমাৰ কিছু কাম বাকী আছে। যদিহে বতৰে কোনো বিধি পথালি নিদিয়ে তেনেহ’লে আধৰুৱা কামখিনি আজিৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। আৰু তেতিয়া আমি দলংখন কাইলৈ অৰ্থাৎ শণিবাৰে পুনৰ যাতায়াতৰ বাবে মুকলি কৰি দিম।

আনহাতে অতিকৈ ব্যস্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলংখন অতি শীঘ্ৰে মেৰামতি কৰিবলৈ গোৱালপাৰাবাসী ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।