NORTHEAST NOW (Assamese)
অসম

চুৰিৰ ঘাটিত পৰিণত টীয়ক: চুৰি হোৱা স্কুটি বিচাৰি থানাত ছাত্ৰী

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক July 17, 2022 7:06 am
Assam

যোৰহাট জিলাৰ টীয়ক অঞ্চল যেন এতিয়া চোৰৰ ৰম্যভূমিত পৰিণত হৈছে। বিশেষকৈ টীয়ক নগৰৰ মাজমজিয়াৰ পৰা বিগত সময়ত কেইবাখনো মটৰচাইকেল দিনদুপৰতে চোৰে লৈ উধাও হৈছে।

শনিবাৰে পুনৰ টীয়কৰ চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ সন্মুখৰ পৰা এখন স্কুটি চুৰি হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুৰিছে।

কাশ্মিৰী গগৈ নামৰ মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষালৈ বুলি আহি মহাবিদ্যালয়ৰ সন্মুখতে নিজৰ স্কুটিখন ৰাখি পৰীক্ষাত অৱতীৰ্ণ হয়।

পিছে পৰীক্ষা হলৰ পৰা তিনিঘন্টা পাছত ঘূৰি আহি নিৰ্দিষ্ট স্থানত স্কুটিখন নেদেখি আচৰিত হৈ পৰে ছাত্ৰীগৰাকী আৰু লগে লগে বন্ধু বৰ্গৰ সৈতে স্কুটিখন বিচাৰ-খোচাৰ কৰে।

কিন্তু কোনো শুং-সূত্ৰ নাপাই অৱশেষত আৰক্ষীৰ কাষ চাপে ছাত্ৰীগৰাকী। চুৰি হোৱা স্কুটিখনৰ নম্বৰ AS-03-S-2261।

ইতিমধ্যে ছাত্ৰগৰাকীয়ে তেওঁৰ মাতৃ মেঘালী গগৈৰ নামত থকা স্কুটিখন হেৰুৱাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে।