NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ ৯ বছৰীয়া বনকৰা শিশুৰ হত্যাকাণ্ড; আৰক্ষীকো বিপথে পৰিচালিত কৰিছিল অভিযুক্তই

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ July 22, 2022 7:12 am

শিৱসাগৰৰ ৯ বছৰীয়া বন কৰা শিশুৰ হত্যাকাণ্ডত আৰক্ষীকো বিপথে পৰিচালিত কৰিছিল হত্যাত অভিযুক্ত বিতুপন ঢেকিয়াল ফুকন আৰু তেওঁৰ পত্নীয়ে।

অভিযুক্ত বিতুপন ঢেকিয়াল ফুকনৰ পত্নীয়ে আৰক্ষীক নিজৰ নাম পৰিস্মিতা দত্ত বুলি জানিবলৈ দিছিল যদিও আৰক্ষীৰ তদন্তত পৰিস্মিতাৰ পৰিবৰ্তে ৰিতুস্মিতা দত্ত বুলিহে পোহৰলৈ আহিছে।

ফটো: নৰ্থইষ্ট নাও।

আনহাতে, হত্যাৰ বলি হোৱা ভানু ভূমিজৰ নামো আৰক্ষীক ভুলকৈ কৈছিল হত্যাত অভিযুক্ত দম্পত্তি হালে। হত্যাৰ বলি হোৱা শিশুটিৰ নাম ডিম্পী ভূমিজহে।

ইপিনে, আৰক্ষীৰ জেৰাত বনকৰা শিশুটিক মাৰধৰ কৰাৰ লগতে পাশৱিক অত্যাচাৰ কৰাৰ কথা স্বীকাৰ কৰিছে দম্পত্তিহালে।

ফটো: নৰ্থইষ্ট নাও।

উল্লেখ্য যে বুধবাৰে হত্যাৰ বলি হোৱা শিশুটিৰ নাম ভানু ভূমিজ বুলি কোৱাৰ লগতে শিশুটিৰ ঘৰ তিতাবৰত বুলি মিছাকৈ কৈ আৰক্ষী আৰু সাংবাদিকক বিপথে পৰিচালিত কৰিছিল অভিযুক্ত দম্পত্তিয়ে।

বৃহস্পতিবাৰে দম্পত্তিহালক আৰক্ষীয়ে দুদিনৰ জিম্মাত লয়।