NORTHEAST NOW (Assamese)
অসম

Assam may face LPG shortage: ৰন্ধন গেছৰ নাটনি! এল পি জি পৰিবহন সংস্থাৰ ধৰ্মঘটৰ ফলত আৱদ্ধ চিলিণ্ডাৰ কঢ়িওৱা বাহন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 25, 2022 10:10 am

Assam may face LPG shortage উত্তৰ পূব পেকড এল পি জি (PACKED LPG) ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েশ্যনৰ ধৰ্মঘটৰ ফলত ৰন্ধন গেছ কঢ়িওৱা বাহনসমূহ আৱদ্ধ হৈ পৰিছে।

ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড কৰ্তৃপক্ষই থলুৱা ট্রেন্সপ’ৰ্টাৰক প্রৱঞ্চনা কৰাৰ প্রতিবাদত সোমবাৰৰ পৰা আৰম্ভ হৈছে এই ধৰ্মঘট।

এই ধৰ্মঘট দীঘলীয়া হ’লে ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

লগতে পঢ়ক: Presidential Oath-Taking: বিগত চাৰে চাৰি দশক ধৰি ২৫ জুলাইতে কিয় শপত গ্ৰহণ কৰি আহিছে ভাৰতৰ ৰাষ্ট্ৰপতিসকলে?

ধৰ্মঘটৰ ফলত ৭টাকৈ ৰন্ধন গেছ প্রকল্পৰ পৰিবহণ সেৱা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব ।

ধৰ্মঘটৰ ফলত উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জাৰ বটলিং প্লাণ্ট, গোপানাৰী, বঙাইগাঁও, ডিমাপুৰ আৰু শিলচৰৰ বটলিং প্লাণ্ট বন্ধ থাকিব। দুলীয়াজান বটলিং প্লাণ্টৰ পৰিবহণ সেৱাও সম্পূৰ্ণ বন্ধ থাকিব বুলি কোৱা হৈছে।

সংস্থাটোৱে পৰিবহন সেৱা বন্ধ কৰি দিয়াৰ ফলত বটলিং প্লান্টত ৰন্ধন গেছ কঢ়িওৱা বাহনসমূহ আবদ্ধ হৈ পৰিছে ।

লগতে পঢ়ক:  India Vs West Indies: অক্ষৰ পেটেলৰ দুৰ্দান্ত বেটিঙেৰে দ্বিতীয় এদিনীয়াত শ্বাসৰুদ্ধকৰ জয়; শৃংখলা ভাৰতৰ দখলত

শীঘ্ৰেই আলোচনাৰ জৰিয়তে ধৰ্মঘট প্ৰত্যাহাৰৰ সিদ্ধান্ত নহ’লে ৰন্ধন গেছৰ নাটনিয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিব পাৰে।