• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India Vs West Indies: অক্ষৰ পেটেলৰ দুৰ্দান্ত বেটিঙেৰে দ্বিতীয় এদিনীয়াত শ্বাসৰুদ্ধকৰ জয়; শৃংখলা ভাৰতৰ দখলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2022 8:22 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India Vs West Indies অক্ষৰ পেটেলে ৱেষ্ট ইণ্ডিজৰ পৰা একপ্ৰকাৰ বিজয় কাঢ়ি আনে। বাওঁহতীয়া অলৰাউণ্ডাৰগৰাকীৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই অন্তিমখন খেল বাকী থকা অৱস্থাত ভাৰতে এদিনীয়া শৃংখলাটো নিজৰ দখলত আনে। অন্তিম অভাৰটোত খেলখনৰ বিজয় নিশ্চিত হয়।

ৱেষ্ট ইণ্ডিজৰ ৩১২ ৰাণৰ লক্ষ্য অনুসৰণ কৰি শ্ৰেয়াস আয়াৰ আৰু সঞ্জু ছেমছনে অৰ্ধশতক অৰ্জন কৰে। কিন্তু শেষৰ পিনে অক্ষৰৰ ৩৫ টা বলত অপৰাজিত ৬৪ ৰাণে দলটোক বিজয়ী কৰে।

দেওবাৰে বেটিং কৰিবলৈ নামি ৱেষ্ট ইণ্ডিজৰ দুয়োজন অপেনাৰে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক বেটিং আৰম্ভ কৰে। কাইল মেয়াৰ্ছে হোপৰ সৈতে পাৱাৰ প্লেত দ্ৰুতগতিত স্ক’ৰ কৰে। তেওঁলোকে ভাৰতৰ হৈ প্ৰথমখন এদিনীয়া খেলত নমা  আৱেশ খানক লক্ষ্য কৰি লয়। সোঁহাতীয়া পেচাৰগৰাকীৰ বাবে এইটো মুঠেই ভাল আৰম্ভণি নহ’ল। তেওঁ প্ৰথম তিনি অভাৰত ৪০ ৰাণ দিয়ে।

Apply Now
শাৰ্দুল ঠাকুৰ।

 

স্পিনাৰসকলে ভাৰতক খেলখনলৈ ঘূৰাই আনে। দীপক হুডাই মেয়াৰ্ছক তেওঁৰ প্ৰথম বলত ৩৯ ৰাণত আউট কৰে। তিনি নম্বৰত অহা শ্বামৰা ব্ৰুকছে হোপৰ সৈতে যুটী বান্ধে। অক্ষৰ পেটেলে তেওঁক ৩৫ ৰাণত আউট কৰে। যুজবেন্দ্ৰ চাহালৰ বলত ব্ৰেণ্ডন কিং শূন্য ৰাণতে ড্ৰেছিং ৰুমলৈ উভতি যায়।

.@akshar2026 played a sensational knock & bagged the Player of the Match award as #TeamIndia beat West Indies in the 2nd ODI to take an unassailable lead in the series. 👏 👏 #WIvIND

Scorecard▶️ https://t.co/EbX5JUciYM pic.twitter.com/4U9Ugah7vL

— BCCI (@BCCI) July 24, 2022

অধিনায়ক পুৰাণে তিনিটা উইকেটৰ পতনৰ পিছত হোপৰ সৈতে যুটি বান্ধে। তেওঁলোকে অভিজ্ঞতাৰ  ব্যৱহাৰ কৰি ৰাণ কৰিবলৈ লয়। প্ৰায় প্ৰতিটো অভাৰত এটা বাউণ্ডেৰী আহি থাকে। ফলত ৰাণৰ গতি হ্ৰাস হোৱা নাছিল। পুৰাণে ইনিংছ অলপ সুস্থিৰ হোৱাৰ পিছতে ডাঙৰ শ্বট খেলিবলৈ আৰম্ভ কৰে। তেওঁ বিশেষকৈ স্পিনাৰসকলক লক্ষ্য কৰি লয়। তেওঁ শতক অৰ্জন কৰিব বুলি ভাৱ হৈছিল যদিও ৭৪ ৰাণত উইকেট এৰি খেলিবলৈ লওঁতেই শাৰ্দুল ঠাকুৰে পুৰণক বোল্ড কৰি দিয়ে।

দীপক হুডা।

 

অধিনায়কগৰাকীয়ে কৰিব নোৱাৰিলে যদিও হোপে এটা শতক অৰ্জন কৰে। সোঁহতীয়া বেটাৰগৰাকীয়ে চাহালৰ বলত এটা ছয় মাৰি এদিনীয়া ক্ৰিকেটত ১৩ তম শতক অৰ্জন কৰে। অৱশেষত ১১৫ ৰাণ সংগ্ৰহ কৰাৰ পিছত শাৰ্দুলে তেওঁক আউট কৰে। শাৰ্দুল ভাৰতৰ বাবে আটাইতকৈ সফল বলাৰ হিচাপে বিবেচিত হয়। তেওঁ ৫৪ ৰাণত ৩ টা উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি শিখৰ ধাৱানে মন্থৰভাৱে বেটিং আৰম্ভ কৰে। আনগৰাকী অপেনাৰ শুভমান গীল ছন্দত আছিল যদিও ৰাণ সংগ্ৰহৰ গতি বেছি নাছিল। বৰষুণৰ বাবে খেলখন কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হয়। খেলখন পুনৰ আৰম্ভ হয় যদিও ধাৱনৰ খেলত ছন্দ ঘূৰি নাহিল। মাত্ৰ ১৩ ৰাণ সংগ্ৰহ কৰাৰ পিছত তেওঁ আউট হৈ যায়।

শ্ৰেয়াস আয়াৰ।

 

শুভমনে ভাল খেলিছিল যদিও বেছি ৰাণ সংগ্ৰহ কৰিব নোৱাৰিলে। তেওঁ ৪৩ ৰাণ সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি যায়। সূৰ্যকুমাৰ যাদৱেও বেটত ৰাণ নাপালে। শ্ৰেয়াস আয়াৰ আৰু সঞ্জু ছেমছনে তিনিটা উইকেটৰ পতনৰ পিছত যুটী বান্ধি  দুয়োৱে দলটোক আগুৱাই নিয়ে। দুয়োগৰাকী বেটছমেনে অৰ্ধ-শতক অৰ্জন কৰে। তেওঁলোকেই ভাৰতক বিজয়ৰ ওচৰলৈ লৈ যাব যেন লাগিছিল। কিন্তু শ্ৰেয়াস ৬৩ ৰাণ সংগ্ৰহ কৰি আউট হয়। সঞ্জুৱে ৫৪ ৰাণ সংগ্ৰহ কৰে। পাঁচটা উইকেট হেৰুৱাই ভাৰত কিছু চাপত পৰে।

ভাৰতক শেষৰ ১০ অভাৰত জিকিবলৈ ১০০ ৰাণৰ প্ৰয়োজন হয়। উইকেটত তেতিয়া দীপক হুডা আৰু অক্ষৰ পেটেল। ভাৰতে প্ৰতি অভাৰত ১০ ৰাণ সংগ্ৰহ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। এই পৰিস্থিতিত অক্ষৰে হাত খুলিবলৈ আৰম্ভ কৰে। দীপক হুডাই বাওঁহতীয়া বেটাৰগৰাকীক সংগ দিয়ে। তেওঁ ৩৩ ৰাণত আউট হয় যদিও অক্ষৰ উইকেটত থাকে। তেওঁ আলজাৰি জোচেফৰ এটা অভাৰতে খেলখনৰ ৰূপ সলনি কৰি দিয়ে। ৱেষ্ট ইণ্ডিজৰ কোনো বলাৰে তেওঁক আৰু ৰখাব নোৱাৰিলে।

সঞ্জু ছেমছন।

অক্ষৰে মাত্ৰ ২৭ টা বলত এদিনীয়া ক্ৰিকেটত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে। ভাৰতক শেষ অভাৰত জিকিবলৈ ৮ ৰাণৰ প্ৰয়োজন হয়। হাতত মাত্ৰ ২ টা উইকেট। প্ৰথম বলটোত কোনো ৰাণ নহ’ল। অক্ষৰে পৰৱৰ্তী বলটোত ১ ৰাণ লয়। তৃতীয় বলটোত এটা ৰাণ লয় মহম্মদ চিৰাজে। অক্ষৰে চতুৰ্থ বলটোত এটা ছয় মাৰি দলক বিজয়ী কৰে। তেওঁ মাত্ৰ ৩৫ টা বলত ৬৪ ৰাণ কৰি অপৰাজিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd