NORTHEAST NOW (Assamese)
অসম

অসম কলাতীৰ্থৰ উদ‍্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত চৰ্যাপদ আৰু ভাষা-সাহিত্য-সংস্কৃতি শীৰ্ষক বিশেষ অনুষ্ঠান

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী August 3, 2022 2:34 pm
Srimanta Shankardev Kalakshetra

আজিৰ পৰা শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে চৰ্যাপদ আৰু ভাষা-সাহিত্য-সংস্কৃতি শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ। ৰাজ্যৰ আগশাৰীৰ সাংস্কৃতিক সংস্থা অসম কলাতীৰ্থ আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ যৌথ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আজি বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটিত উপস্থিত থাকে ঢাকা বিশ্ববিদ্যালয়ৰ অধ‍্যাপক সুকুমাৰ বৰুৱা, নেপালৰ পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ৰামাৱালাৰ যাদৱ, ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অধ‍্যাপক মহুৱা মূখাৰ্জী, নেপাল ত্ৰিভূৱন বিশ্ব বিদ্যালয়ৰ গৌতম বীৰ ব্ৰাজাচাৰ্য।

অনুষ্ঠানটিৰ অন্যতম উদ্যোক্তা তথা বিধায়ক পৰমানন্দ ৰাজবংশীয়ে অনুষ্ঠানটিৰ আয়োজনৰ সন্দৰ্ভত মন্তব‍্য প্ৰকাশ কৰি কয় যে এনে অনুষ্ঠানে ভাষা সাহিত্য সংস্কৃতিৰ পথাৰখন আৰু অধিক জীপাল কৰিব।

বিশেষকৈ চৰ্যাপদ তথা চৰ্যাগীত সঠিক ৰূপত পৰিবেশনৰ ক্ষেত্ৰত নৱ প্ৰজন্ম উপকৃত হ’ব বুলি তেওঁ লগতে কয়।

আজিৰে পৰা ছয় আগষ্টলৈ এই কাৰ্যসূচী অনুষ্ঠিত হ’ব। বিশ্বমানৰ একাধিক বিশেষজ্ঞ ব‍্যক্তিয়ে অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব।