NORTHEAST NOW (Assamese)
দেশ

সঞ্জয় ৰাউটক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ: ঘৰুৱা খাদ্য গ্ৰহণৰ অনুমতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 8, 2022 8:57 pm
Sanjay Raut

পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত অভিযুক্ত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটক আজি মুম্বাইৰ এখন বিশেষ আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

বিগত আঠ দিন ৰাউট এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জিম্মাত আছিল। অৱশ্যে আজি শুনানিৰ সময়ত তদন্ত সংস্থাটোৱে পুনৰ ৰাজটৰ জিম্মা বৃদ্ধিৰ বাবে আবেদন জনোৱা নাছিল।

আনহাতে শিৱসেনা নেতাগৰাকীৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ন্যায়িক জিম্মাত ঘৰত বনোৱা খাদ্য আৰু ঔষধ গ্ৰহণ কৰিবলৈ অনুমতি দিয়ে।

আদালতে লগতে ৰাউটৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ইডি- ক আৰ্থাৰ ৰোড কাৰাগাৰৰ অধীক্ষকক ৰাউটৰ স্বাস্থ্যৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে আদালতে ৰাউটৰ ইডি- ৰ জিম্মা ৮ আগষ্টলৈ বৃদ্ধি কৰিছিল।

কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে ৰাউটৰ লগতে তেওঁৰ পত্নী আৰু আন সহযোগীসকলৰ বিৰুদ্ধে উত্থাপিত বিত্তীয় কেলেংকাৰীৰ গোচৰটোৰ তদন্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি দাবী কৰিছে।