NORTHEAST NOW (Assamese)
অসম

বিদ্যুৎ আইনৰ প্ৰস্তাৱিত সংশোধনীৰ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তা সম্বন্বয়ৰক্ষী সমিতিৰ ৰাজ্যজুৰি কৰ্মবিৰতি পালন

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ August 9, 2022 6:54 am

সমগ্ৰ দেশতে নিখিল ভাৰত বিদ্যুৎ কৰ্মচাৰী মহাসংঘ আৰু ৰাষ্ট্ৰীয় বিদ্যুত অভিযন্তা আৰু কৰ্মচাৰী সম্বন্বয়ৰক্ষী সমিতিৰ যুটীয়া আহ্বানত কেন্দ্ৰীয় চৰকাৰে বিদ্যুৎ (সংশোধনী) বিধেয়ক বিল ২০২২ সংসদৰ চলিত অধিবেশনতে গৃহীত কৰাৰ বাবে লোৱা পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে আৰু সোমবাৰে সমগ্ৰ ভাৰতবৰ্ষতে দিনজোৰা কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে।

বিদ্যুৎ আইনৰ সংশোধনী বিধেয়কখন গৃহীত কৰিবৰ বাবে ২০১৪ চনৰ পৰাই কেন্দ্ৰীয় চৰকাৰে নানাধৰণে চেষ্টা কৰি আহিছে  যদিও দেশৰ বিদ্যুত কমচাৰী আৰু সাধাৰণ জনতাৰ বিৰোধিতাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল।

লগতে পঢ়ক: Lurinjyoti Gogoi slams govt অশোক ধানুকাৰ কাৰ্যালয়টোৱেই এতিয়া অসমৰ সকলো দুৰ্নীতিৰ অভিকেন্দ্ৰ : লুৰীণজ্যোতি গগৈ

ৰাজহুৱা বিদ্যুৎ খণ্ডত ব্যক্তিগত গোষ্ঠীৰ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ৰচিত হোৱা বিদ্যুত সংশোধনী বিধেয়ক ২০২২ৰ বিৰোধিতা কৰাটো আজিৰ দিনত প্ৰতিজন বিদ্যুৎ কৰ্মচাৰীৰে দায়িত্ব। বিদ্যুত আইনৰ সংশোধনী মানে ৰাজহুৱা বিদ্যুৎ বিতৰণ কোম্পানীৰ মৃত্যু।

বিদ্যুৎ আইনৰ ১৪ নং অনুচ্ছেদৰ সংশোধনীৰ দ্বাৰা বিদ্যুত বিতৰণৰ ক্ষেত্ৰত নিজস্ব বিতৰণ নেটৱৰ্ক স্থাপনৰ বাধ্য-বাধকতা নোহোৱা হ’ব। ফলত একেখন ঠাইত একাধিক বিতৰণ অনুজ্ঞাপত্ৰধাৰী আনৰ বিতৰণ নেটৱৰ্ক ব্যৱহাৰ কৰি ব্যৱসায় কৰিবলৈ সুবিধা পাব।

এইক্ষেত্ৰত ইতিমধ্যে সমগ্ৰ দেশত ৰাজহুৱা খণ্ডত গঢ় লোৱা বিদ্যুৎ বিতৰণ কোম্পানীৰ লাইন নেটৱৰ্ক সমূহ অনায়াসে ব্যৱহাৰ কৰি লাভজনক চহৰ-নগৰাঞ্চলত ব্যক্তিগত গোষ্ঠী কোম্পানীসমূহে ব্যৱসায় কৰাৰ সুন্দৰ সুযোগ গ্ৰহণ কৰিব।

লগতে পঢ়ক: কংগ্ৰেছৰ ৮ বিধায়কে বিজেপিত যোগদান কৰাৰ মন্তব্যকলৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

নতুন সংশোধনীৰ মাজেৰে আগন্তুক ব্যক্তিগত বিতৰণ কোম্পানীৰ ব্যৱসায়ৰ লাভ সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। বিদ্যুৎ আইনৰ ৬২ নং অনুচ্ছেদৰ সংশোধনীৰ মাজেৰে বিদ্যুৎ কোম্পানীয়ে বছৰত এবাৰকৈ মাচুল সংশোধনৰ বৰ্তমানৰ ব্যৱস্থাৰ ঠাইত চাৰিবাৰলৈ মাচুল সংশোধন কৰাৰ ব্যৱস্থা ৰখা হৈছে।

আনহাতে, নতুন ব্যৱস্থাত বিদ্যুৎ বিতৰণ কোম্পানীসমূহৰ ব্যৱসায়ত আৰ্কষণ বৃদ্ধি কৰাৰ বাবে একোটা অঞ্চল সাপেক্ষে বিদ্যুৎ মাচুলৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন সীমা নিৰ্ধাৰণৰ ব্যৱস্থা কৰিছে। এনে ব্যৱস্থাত সৰ্বসাধাৰণ জনতাই প্ৰত্যক্ষভাৱে আকাশলংঘী বিদ্যুৎ মাচুলৰ সম্মুখীন হোৱাটো অৱধাৰিত।

দেশৰ আৰ্থ-সামাজিক প্ৰগতিত অন্যতম বৰঙণি আগবঢ়োৱা ৰাজহুৱা বিদ্যুতখণ্ডক ধ্বংসৰ গৰাহলৈ ঠেলি বিদ্যুৎশিল্পক ব্যক্তিগতকৰণৰ দিশলৈ লৈ যোৱাৰ উদ্দেশ্যে ৰচিত হোৱা বিদ্যুৎ(সংশোধনী) বিধেয়ক, ২০২২ ৰ বিৰুদ্ধে দেশৰ লগতে বিশ্বনাথ চাৰিআলিটো কৰ্মবিৰতি কাৰ্যসূচী সফলভাৱে ৰূপায়িত হয়।

লগতে পঢ়ক: ”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

চাৰিআলি বিদ্যুৎ উপ-সংমণ্ডল, চাৰিআলি বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ সমূহ বিষয়া আৰু কৰ্মচাৰীয়ে সহযোগ কৰে এই কাৰ্যসূচীত।

আসাম ষ্টেট পাৱাৰ ব’ৰ্কাচ ইউনিয়নৰ কেন্দ্ৰীয় উপ-সভাপতি উৎপল শইকীয়াৰ লগতে আসাম ষ্টেট পাৱাৰ ৱ’ৰ্কাচ ইউনিয়নৰ কেন্দ্ৰীয় উপ-সাধাৰণ সম্পাদক তথা বিদ্যুৎ অভিযন্তা আৰু কৰ্মচাৰী সম্বন্বয়ৰক্ষী সমিতিৰ তেজপুৰ মণ্ডলৰ যুটীয়া আহ্বায়ক মৃগাংক শৰ্মাৰ লগতে ইউনিয়ৰ শাখা সভাপতি যুগল কোচ আৰু শাখা সম্পাদক জানিৰাম ডেকাৰ উপৰি পেঞ্চনাৰ সন্থাৰ বিষয়ববীয়া আৰু অন্যান্য কৰ্মচাৰীসকল উপস্থিত থাকে।