• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

”আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ মানি লোৱা নহব” : ডঃ সমুজ্জ্বল ভট্টাচাৰ্য

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
August 8, 2022 8:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“সম্প্ৰতি চৰকাৰে আমাৰ অসমীয়া মাধ্যম, বড়ো মাধ্যম আৰু মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহক নিঃশেষ কৰাৰ অভিপ্ৰায়েৰে যি শৈক্ষিক সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় ইংৰাজী মাধ্যমত পঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিপৰীতে চৰকাৰে ইফালে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ মাধ্যম অসমীয়া কৰাৰ এক পৰস্পৰ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজক বিভ্ৰান্ত কৰাৰ এক পৰিকল্পিত ষড়যন্ত্রত লিপ্ত হৈছে।এই ষড়যন্ত্র আমি প্ৰতিহত কৰিমেই। আমাৰ আইৰ মুখৰ মাতষাৰ কাঢ়ি লোৱাৰ চৰকাৰে এক আক্ৰমণাত্মক মানসিকতা গ্ৰহণ কৰিছে ।আইৰ মুখৰ মাতষাৰৰ ওপৰত চৰকাৰৰ তিনিতৰপীয়া আক্ৰমণ চলোৱাৰ প্ৰস্তুতিক কোনোপধ্যে মানি লোৱা নহব।”এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য্যৰ ।চাপৰ পৰিদৰ্শন বঙলাত এক সংবাদ মেলযোগে এইদৰে মন্তব্য কৰে ।

সংবাদমেলখন সম্বোধন কৰাৰ পূৰ্বে ডঃ ভট্টাচাৰ্যই স্থানীয় শিক্ষক, বুদ্ধিজীৱী আৰু ছাত্ৰ সংগঠনৰ সৈতে এক মতবিনিময়ত মিলিত হয়। সংবাদমেলখনত ডঃ ভট্টাচাৰ্যই অসমীয়া তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ‘হাইব্ৰীড মডেল’ স্থাপন কৰাৰ চৰকাৰী সিদ্ধান্তৰ কঠোৰ বিৰোধিতা কৰি পুনৰ কয় যে আমাক হাইব্ৰীড মডেল নালাগে , আমাৰ বাবে অৰ্গেনিক ব্ৰীড হে অধিক ফলপ্ৰসূ হব।লগতে অসমীয়া তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয় সমূহত সমান্তৰালকৈ ইংৰাজী ভাষাৰ ফলপ্ৰসূ শিক্ষাদানৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক আহ্বান জনাই ডঃ ভট্টাচাৰ্যই ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো একেদৰে অসমীয়া তথা মাতৃভাষাৰ পাঠদানৰ ব্যৱস্থাটো বাধ্যতামূলক কৰাৰ বাবে দাবী উত্থাপন কৰে ।

Apply Now

যিকোনো বিষয় এটা আয়ত্ত কৰিবলৈ মাতৃভাষাৰ ওপৰত কোনো শক্তিশালী মাধ্যম নায়েই ,এইটো আমি কোৱা কথা নহয় ,শিক্ষাবিদ, পণ্ডিত ,বিজ্ঞানী, গৱেষক সকলোৱে কৈ থকা কথা বুলি উল্লেখ কৰি ভট্টাচাৰ্যই সংবাদমেলখনত হঠাৎ চৰকাৰে গ্ৰহণ কৰা এনে হঠকাৰী সিদ্ধান্তক মানি লব নোৱাৰি বুলি দোহাৰে।আনহাতে অসমক মনেপ্ৰাণে ভালপোৱা সকলে অসমীয়া মাধ্যম,বড়ো মাধ্যম তথা মাতৃভাষা মাধ্যমক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এনে কাৰ্যক কেতিয়াও সমৰ্থন নকৰে বুলিও লগতে তেওঁ কয়।এই ক্ষেত্ৰত খুব যুক্তিপূৰ্ণ ভাৱে আগবাঢ়ি যোৱা বুলি উল্লেখ কৰি ডঃ ভট্টাচাৰ্যই অসম সাহিত্য সভা, বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাই মিলিত হৈ যৌথভাৱে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা কয় আৰু লগতে এই সংবেদনশীল বিষয়টো মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰিব পাৰিব লাগিব বুলিও জোৰ দি কয়।

ইপিনে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈ শিক্ষকৰ বাৰটা সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ বিষয়ে উল্লেখ কৰি ডঃ ভট্টাচাৰ্যই পুনৰ কয় যে গোটেই কেইটা শিক্ষক সংগঠনেই চৰকাৰৰ সিদ্ধান্তটোৰ বিৰোধিতা কৰিছে বুলিও জনায়।আনহাতে প্ৰতিখন জিলাতে চি বি এছ ই ৰ অধীনত এখন আদৰ্শ বিদ্যালয় আৰু ‘ছেবা’ অধীনত পাঁচৰ পৰা দহখন সমান্তৰালকৈ ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰো তেওঁ তীব্ৰ বিৰোধিতা কৰে।

তদুপৰি ভৱিষ্যতে কোনো বিদ্যালয় প্ৰদেশীকিকৰণ কৰা নহয় বুলি লোৱা চৰকাৰী সিদ্ধান্তৰো ডঃ ভট্টাচাৰ্য্যই তীব্ৰ বিৰোধিতা কৰে। উল্লেখযোগ্য যে আছু ৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক লব কুমাৰ ৰায়ৰ মাতৃ বিয়োগৰ খবৰ লোৱাৰ উদ্দেশ্যে তথা শালকোচাস্থিত নিজৰ পৈতৃক ভেটি পৰিদৰ্শনৰ উদ্দেশ্যে অহা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য্যৰ লগত আজি আছুৰ কেন্দ্ৰীয় উপসভাপতি বিপুল ৰাভা, নৱজ্যোতি ৰায়, শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা, কাৰ্যনিৰ্বাহক সদস্য নীলোৎপল চক্ৰৱৰ্তী আৰু গণেশ ৰায় ,মহকুমা সমিতিৰ সম্পাদক বাবুজিতু ৰায় আৰু চাপৰ আঞ্চলিক সমিতিৰ সম্পাদক মোজানুৰ আলী শ্বেখৰ লগতে বহুকেইগৰাকী ছাত্ৰ নেতা-কৰ্মী উপস্থিত থাকে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd