বহুতৰে খাদ্য খোৱাৰ সময়ত টেলিভিছন চলাই ৰখাৰ অভ্যাস আছে। কিছুমানে নিজৰ প্ৰিয় ধাৰাবাহিক চাই দুপৰীয়াৰ আহাৰ খায়, আন কোনোৱে ৰাতিৰ আহাৰ খোৱাৰ সময়ত চিনেমা বা ৱেব ছিৰিজ চায়। বহুতৰে বাবে খাদ্য খোৱাৰ সময়ত যদি কোনো মনোৰঞ্জন নাথাকে, তেনেহ’লে মনটো যেন নভৰে। কিন্তু আপুনি জানেনে যে এই অভ্যাসে অজানিতে আপোনাৰ খাদ্যাভ্যাস সলনি কৰি দিব পাৰে? ই হজম শক্তিতো প্ৰভাৱ পেলাব পাৰে।
যদি খাদ্য খোৱাৰ সময়ত আমাৰ মনোযোগ টেলিভিছনৰ পৰ্দাত থাকে, তেন্তে আমি কি খাই আছো, কিমান খাইছো, কিমান চোবাই আছো তাৰ প্ৰতি আমাৰ মনোযোগ কমি যায়। ফলত প্ৰয়োজনতকৈ বেছি খাদ্য খোৱাৰ আশংকা থাকে। বিশেষকৈ চিপচ, ক্ৰেকাৰ, বিস্কুট, বা ভজা খাদ্য খালে এই প্ৰৱণতা বৃদ্ধি পাব পাৰে। পেটটো কেতিয়া ভৰি গৈছে বুজিবলৈ টান। ফলত অতিৰিক্ত কেলৰি শৰীৰত প্ৰৱেশ কৰে। এনে অভ্যাস দীৰ্ঘদিন ধৰি থাকিলে ওজন বৃদ্ধিৰ আশংকাও হ’ব পাৰে।
২০২৫ চনত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে টেলিভিছন চাই খাদ্য গ্ৰহণ কৰিলে খাদ্যৰ পৰিমাণ বৃদ্ধি হোৱাৰ প্ৰৱণতা থাকে। ২৩টা গৱেষণাৰ বিশ্লেষণত দেখা গৈছে যে টিভি চোৱাৰ সময়ত খাদ্য খোৱাৰ প্ৰভাৱ কেৱল সেই মুহূৰ্তত থকা খাদ্যৰ মাজতে সীমাবদ্ধ নহয়। পৰৱৰ্তী সাজৰ খোৱা খাদ্যৰ পৰিমাণতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।
হজমৰ সমস্যাও বৃদ্ধি পাব পাৰে?
বহুতে খোৱাৰ সময়ত মনোযোগ আন ঠাইত থাকিলে খৰখেদাকৈ খাদ্য খায়। সঠিকভাৱে চোবাই নাথাকিলে পাচনতন্ত্ৰত অস্বস্তিৰ সৃষ্টি হ’ব পাৰে। অতিমাত্ৰা খাদ্য খোৱাৰ ফলত পেট গধুৰ, জ্বলাপোৰা, গেছ বা পেট ফুলাৰ দৰে সমস্যাও হ’ব পাৰে। বিশেষকৈ যিসকলৰ ইতিমধ্যে পাচনতন্ত্ৰৰ সমস্যা আছে তেওঁলোকৰ বাবে এই অভ্যাসৰ পৰা আঁতৰি থকাটো ভাল।
এই অভ্যাস কেনেকৈ সলনি কৰিব?
১) খোৱাৰ সময়ত টিভি আৰু মোবাইল বন্ধ কৰক।
২) লাহে লাহে খাদ্য খাওক। ভালদৰে চোবাই খাবলৈ চেষ্টা কৰক।
৩) এবাৰতে বেছিকৈ খোৱাতকৈ প্ৰয়োজন অনুসৰি পৰিমাণ সালসলনি কৰক।
৪) খোৱাৰ সময়ত খাদ্যৰ সোৱাদ, গোন্ধ আৰু ৰুচিৰ প্ৰতি গুৰুত্ব দিব লাগে।
৫) খোৱাৰ পিছত বেছি সময় বহি থকাতকৈ শৰীৰৰ সামৰ্থ্য অনুসৰি ১০-১৫ মিনিট লাহে ধীৰে খোজ কাঢ়িব পাৰে।
মনত ৰাখিব, সুস্থ হৈ থাকিবলৈ কেৱল আপুনি কি খায় সেয়াই গুৰুত্বপূৰ্ণ নহয়। কেনেকৈ খাব সেয়াও সমানেই গুৰুত্বপূৰ্ণ। গতিকে, আপোনাৰ প্ৰতিদিনৰ খোৱাৰ সময়খিনি নিজৰ শৰীৰৰ বাবে নিৰ্ধাৰণ কৰক। এই সৰু সৰু পৰিৱৰ্তনে আপোনাক স্বাস্থ্যসন্মত খাদ্যাভ্যাস গঢ়ি তোলাত সহায় কৰিব পাৰে।





