NORTHEAST NOW (Assamese)
অসম

দুটা পৃথক পথ দুৰ্ঘটনাত ২ জন নিহত, আহত এজন

Posted by: এন ই নাও নিউজ April 21, 2018 10:44 pm
পথ দুৰ্ঘটনা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ সময়তে আজিৰ পুনৰ দুটা পৃথক পথ দুৰ্ঘটনাত দুগৰাকী লোকে প্ৰাণ হেৰোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে নগাঁৱত সংঘটিত প্ৰথমটো দুৰ্ঘটনাত এখন তীব্ৰ বেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ডিভাইদাৰত খুন্দিয়াই দুৰ্ঘটনাত পতিত হয়।

নগাঁৱৰ বাইপাছত সংঘটিত উক্ত দুৰ্ঘটনাটোত জুনু বৈদ্যকায় নামৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে আমিৰ হুছেইন নামৰ আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত আমিৰ হুছেইনক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

দুৰ্ঘটনাটোৰ ফলত নিহত জুনু বৈদ্যকায়ৰ ঘৰ বোকাখাতত বুলি জানিব পৰা গৈছে।

আনহাতে কাকপথাৰৰ সোণজানৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত আনটো দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰোৱাব লগা হয়।

দুৰ্ঘটনাটোত থিতাতে নিহত যুৱকজনক মহাদেৱপুৰ কঠালগুৰি গাঁৱৰ বাসীন্দা ৰঞ্জন নেওগ বুলি চিনাক্ত কৰা হৈছে।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে তীব্ৰ স্কুটী চলাই আহি থকা যুৱকজনে  নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰাত থিতাতে মৃত্যু মুখত পৰে।