NORTHEAST NOW (Assamese)
অসম

Independence Day: স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অসমক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 15, 2022 12:13 pm

মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্রীয়ভাৱে আয়োজন কৰা ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কাৰ্যসূচী আৰম্ভ কৰি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কবিতাৰে শ্বঈদক স্মৰণ কৰে।  

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যবাসীক সম্বোধি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে কয় য়ে, ভাৰতীয় সভ্যতা পৃথিৱীৰ সভ্যতাসমূহৰ ভিতৰত পুৰণি সভ্যতা। তেওঁ মহেঞ্জোদাৰো, হৰপ্পাৰ সভ্যতাৰ কথা উল্লেখ কৰি মহেঞ্জদাৰোত উদ্ধাৰ হোৱা স্নানাগাৰ আৰু নিস্কাশন পদ্ধতি সেই সময়ৰ বিৰল নিদৰ্শন বুলি কয়।

লগতে পঢ়ক: Independence Day: লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ; ক’লে ভাৰতৰ ৫টা সংকল্পৰ কথা

তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰ বিষয়ে উল্লেখ কৰি আমাৰ সমাজত বেদ, উপনিষদ, মহাকাব্যৰ প্ৰভাৱৰ কথাও কয়।

স্বাধীনতা সংগ্ৰামৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ১৮৫৮ চনত মণিৰাম দেৱান, পিয়লি বৰুৱাক ফাঁচি দিয়াৰ কথা উল্লেখ কৰি তেওঁলোকৰ সহযোগীসকলক আন্দামানৰ কাৰাগাৰালৈ প্ৰেৰণ কৰাৰ কথা উনুকিয়ায়।

তেওঁ ৰাজ্য চৰকাৰে চলিত বছৰত ১ হাজাৰ অসমীয়া যুৱকক আন্দামানৰ সেই বিখ্যাত কাৰাগাৰখনলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণৰ কথা সদৰী কৰি কয় যে যাতে এই যুৱকসকলে কাৰাগাৰখন পৰিদৰ্শন কৰি স্বাধীনতা সংগ্ৰামৰ জীৱন্ত প্ৰেৰণা লাভ কৰিব পাৰে।

লগতে পঢ়ক: আমাৰ পতাকা আৰু কিছু চিন্তা

ৰাজ্য চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৪ হাজাৰ উচ্চ, উচ্চতৰ মাধ্যমিক বিদ্যালয় ইংৰাজী মাধ্যম কৰা হ’ব বুলি সদৰী কৰে। সেইদৰে, অসম চৰকাৰে ১০ হাজাৰ পকীপথ নিৰ্মাণৰ দিশে আগবঢ়াৰ কথাও উল্লেখ কৰে।

তেওঁ কৃষি, অৰ্থনৈতিক ক্ষেত্রত বিভিন্ন উন্নয়নমূলক কাম-কাজৰ কথা ঘোষণা কৰাৰ লগতে ২১ আৰু ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া বৃহৎ নিযুক্তিৰ পৰীক্ষাৰ জৰিয়তে ১ লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ কথাও ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীতে ৰাজ্যখনক দেশৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথাও সদৰী কৰে।