NORTHEAST NOW (Assamese)
অসম

জি আই এম টি, গুৱাহাটীত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2022 3:30 pm
GIMT Guwahati

গুৱাহাটীস্থিত ‘গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী’ AICTE GIMT IDEA লেবত পিচিবি ফেব্ৰিকেচন, 3D প্ৰিণ্টিং আৰু স্কেনিঙৰ ওপৰত এক দক্ষতা বিকাশ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

অহা ২২ আগষ্টৰ পৰা ২৬ আগষ্টলৈ শিক্ষা প্ৰতিষ্ঠানটোত এই বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা এই দক্ষতা বিকাশ কাৰ্যসূচীৰ আৰম্ভ হ’ব।

এই বিশেষ কাৰ্যসূচীত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিব পাৰিব। এই কাৰ্যসূচীৰ সমল ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে কাৰিকৰী প্ৰশিক্ষক ভবজিত বৰুৱা, অভিনন্দন কলিতা আৰু ত্ৰিদিব ৰয়।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, গুৱাহাটী AICTE IDEA পৰীক্ষাগাৰ স্থাপন কৰা আৰু কাৰ্যকৰী কৰি সন্মানিত হোৱা উত্তৰ-পূব ভাৰতৰ প্ৰথম প্ৰতিষ্ঠান হিচাপে পৰিগণিত হয়।

যোৱা ২৮ মে’ত প্ৰতিষ্ঠান চৌহদত অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে এই পৰীক্ষাগাৰটো উদ্বোধন কৰিছিল। শিক্ষা প্ৰতিষ্ঠানটোৰ চৌহদত আয়োজিত সদৌ অসম অধ্যক্ষ সন্মিলনৰ সময়ত এই নতুন পৰীক্ষাগাৰটো উদ্বোধন কৰা হৈছিল।

বিদ্যালয়, মহাবিদ্যালয় আৰু পলিটেকনিক প্ৰতিষ্ঠানৰ অধ্যক্ষসকলৰ মাজত “ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ৰ অধীনত IDEA লেবৰ জৰিয়তে দক্ষতা বিকাশৰ পৰিসৰ” শীৰ্ষক বিষয়বস্তুৰ ওপৰত মত বিনিময়ৰ এই সন্মিলনৰ আয়োজন কৰা হৈছিল।