NORTHEAST NOW (Assamese)
জীৱনশৈলী

মহিলাৰ মাজতো বৃদ্ধি পাইছে হৃদৰোগৰ হাৰ!  ইয়াৰ আঁৰৰ কাৰণ জনাইছে বিশেষজ্ঞসকলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 30, 2025 7:30 am

হৃদৰোগ কেৱল পুৰুষৰ ৰোগ নহয়। এই দেশৰ মহিলাসকলৰ মাজত কনাৰী আৰ্টাৰী ডিজিজ (CAD) বা হৃদযন্ত্ৰৰ ধমনী বন্ধ হোৱাটোৱে ভয়ংকৰ ৰূপ লৈছে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে CAD মহিলাৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিছে।

ইয়াতকৈও আতংকজনক কথাটো হল যে বেছিভাগ ক্ষেত্ৰতে বংশগত ইতিহাসৰ পৰা আৰম্ভ কৰি এই ৰোগৰ লগত একাধিক শাৰীৰিক আৰু মানসিক কাৰক জড়িত হৈ থাকে।

যেতিয়া মহিলাসকল CAD ৰ দ্বাৰা আক্ৰান্ত হয় তেতিয়া তেওঁলোকৰ বয়স পুৰুষতকৈ বেছি হয় আৰু তেওঁলোকৰ শৰীৰত ইতিমধ্যে একাধিক ধৰণৰ হৃদযন্ত্ৰৰ বিপদ থাকে। যদিও বয়সৰ ক্ষেত্ৰত তেওঁলোক পুৰুষৰ পৰা প্ৰায় ১০ বছৰ পিছ পৰি আছে, ধূমপান, ডায়েবেটিছ আৰু অকাল ৰজোনিবৃত্তিৰ ফলত নাৰী শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থা বা সুৰক্ষা ধ্বংস হয়। ফলত এই ৰোগ বাঢ়িছে।

মহিলাৰ হৃদৰোগৰ ক্ষেত্ৰত কেইবাটাও নিৰ্দিষ্ট বিপদজনক কাৰকে কাম কৰে। সেইবোৰ হৈছে-

(১) ৰজোনিবৃত্তি বা ৰজোনিবৃত্তিৰ পিছত ইষ্ট্ৰজেন হৰমনৰ মাত্ৰা কমি যায়, যিয়ে শৰীৰক সঠিকভাৱে সুৰক্ষা দিবলৈ সক্ষম হয়। সেই প্ৰক্ৰিয়াটো ব্যাহত হৈ পৰে।

(২) গৰ্ভাৱস্থাত হোৱা জটিলতা। যেনে উচ্চ ৰক্তচাপ, গৰ্ভাৱস্থাৰ ডায়েবেটিছ।

(৩) অকালতে প্ৰসৱ।

(৪) পলিচিষ্টিক অভাৰী চিনড্ৰম (PCOS)

(৫) অকালতে ৰজোনিবৃত্তি।

(৬) ৰক্তহীনতা।

(৭) মাইগ্ৰেইন আৰু দীৰ্ঘদিনীয়া ক্লান্তি।

(৮) অটোইম্যুন ৰোগ। যেনে বাতবিষ আৰু চিষ্টেমিক লুপাছ (SLE)এই সকলোবোৰ লক্ষণে মহিলাৰ হৃদৰোগৰ সম্ভাৱনা বহুগুণে বৃদ্ধি কৰে।

ডায়েবেটিছ ৰোগী মহিলাসকল পুৰুষতকৈ CAD ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা সাতগুণ বেছি। তদুপৰি ধূমপানে মহিলাৰ শৰীৰত ইষ্ট্ৰজেন হৰমনৰ ফলপ্ৰসূতা হ্ৰাস কৰে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ফলত পুৰুষতকৈ মহিলাসকলে অধিক ক্ষীপ্ৰ আৰু গুৰুতৰভাৱে হাৰ্ট এটেকৰ সন্মুখীন হয়।

ভাৰতৰ দৰে দেশত নিম্ন আৰ্থ-সামাজিক পটভূমিৰ মহিলাৰ মাজত হৃদৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে বেছি। একে সময়তে আধুনিক জীৱনৰ দ্ৰুত গতি, নগৰীয়া নিসংগতা, আৰু কৰ্মৰত মহিলাৰ চৰম মানসিক চাপ – এই সকলোবোৰ মিলি হতাশাক মহিলাৰ দৈনন্দিন সংগী কৰি তোলে। যিটো মহিলাৰ হৃদৰোগৰ প্ৰধান কাৰণ হৈ পৰিছে।
হৃদৰোগ কেৱল পুৰুষৰ ৰোগ নহয়। এই দেশৰ মহিলাসকলৰ মাজত ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ (CAD) বা হৃদযন্ত্ৰৰ ধমনী বন্ধ হোৱাটোৱে ভয়ংকৰ ৰূপ লৈছে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে CAD মহিলাৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈ পৰিছে।