NORTHEAST NOW (Assamese)
অসম

মনীষ চিছোদিয়ালৈ চিবিআইৰ লুকআউট জাননীঃ মোদীৰ চৰকাৰক তুলাধুনা কেজৰিৱালৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 21, 2022 9:25 pm

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়ালৈ চিবিআইয়ে লুকআউট নটিচ প্ৰেৰণ কৰা বুলি চৰ্চা হৈ থকাৰ সময়তে বিষয়টোকলৈ সৰব হৈ পৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল৷ দেওবাৰে চিছোদিয়াৰ বিৰুদ্ধে চিবিআইৰ লুকআউট জাননীক লৈ কেন্দ্ৰক আক্ৰমণ কৰে কেজৰিৱালে৷

কেজৰিৱালে কয় যে নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ সমস্যা সমাধানৰ বাবে কেন্দ্ৰই ৰাজ্য চৰকাৰৰ সৈতে কাম কৰাৰ পৰিৱৰ্তে ” যুঁজিহে আছে”। তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত আম আদমী পাৰ্টিৰ মুৰব্বীগৰাকীয়ে লগতে কয় যে প্ৰতিদিনে পুৱা কেন্দ্ৰই সাৰ পোৱাৰ পিছতে “চিবিআই-ইডিৰ খেল” আৰম্ভ কৰে।

কেজৰিৱালে কয় “যিটো সময়ত সাধাৰণ মানুহে মুদ্ৰাস্ফীতিৰ সৈতে যুঁজি আছে আৰু কোটি কোটি যুৱক-যুৱতী নিবনুৱা হৈ আছে, কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্য চৰকাৰৰ সৈতে মিলি নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়া উচিত। ইয়াৰ পৰিৱৰ্তে তেওঁলোকে সমগ্ৰ দেশৰ সৈতে যুঁজ দি আছে।

আজি দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই দাবী কৰিছিল যে চিবিআইয়ে তেওঁৰ বিৰুদ্ধে লুকআউট জাননী জাৰি কৰিছে আৰু এই পদক্ষেপক তেওঁ “নাটক” বুলি অভিহিত কৰিছিল।

চিছোদিয়াই কৈছিল যে তেওঁ দিল্লীত “মুক্তভাৱে ঘূৰি ফুৰিছে” ৷ চিছোদিয়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এইবুলিও সুধিছিল যে তেওঁ তেওঁক বিচাৰি পোৱা নাই নেকি?” ইপিনে চিছোদিয়াৰ এনে দাবীৰ পিছতে চিবিআইয়ে এই বুলি কৈছে যে সংস্থাটোৱে কোনো লুকআউট নটিচ প্ৰেৰণ কৰা নাই৷