NORTHEAST NOW (Assamese)
অসম

নুমলীগড় শোধনাগাৰৰ প্ৰতিষ্ঠা দিৱসত শোধনাগাৰ কৰ্তৃপক্ষৰ বোকাখাত পৌৰসভালৈ আৱৰ্জনা নিষ্কাশন সমগ্ৰী প্ৰদান

Posted by: উত্তম শইকীয়া April 22, 2018 5:17 pm
নিষ্কাশন

নুমলীগড় শোধনাগাৰৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শোধনাগাৰ কৰ্তৃপক্ষই বোকাখাত পৌৰসভালৈ কেতবোৰ আৱৰ্জনা নিষ্কাশন সমগ্ৰী প্ৰদান কৰে ৷

পৰিচ্ছন্নতা নামৰ এখন আঁচনিৰে অসমৰ প্ৰতিখন পৌৰসভা আৰু নগৰ সমিতিলৈ আৱৰ্জনা নিষ্কাশন সামগ্ৰী প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে নুমলীগড় শোধনাগাৰে ৷

ফলত এই আঁচনিৰ অধীনতে দেওবাৰে বোকাখাত পৌৰসভা কাৰ্যালয় প্ৰাংগণত আয়োজিত এক অনুষ্ঠানত বোকাখাত পৌৰসভালৈ আৱৰ্জনা নিষ্কাশন সামগ্ৰী আগবঢ়ায় নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই ৷

বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত কেবিনেট মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা, পৌৰপতি চিত্ৰা কাৰ্ডং, মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়া, নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ প্ৰৱন্ধক মনোজ পেগু, প্ৰৱন্ধক বিশ্বজিত বৰা, অসম গণ পৰিষদৰ বোকাখাত জিলা সভাপতি জগত কলিতাৰ লগতে বোকাখাত বহু জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে ৷

বোকাখাত পৌৰসভাৰ উপ পৌৰপতি সঞ্জীৱ শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত নুমলীগড় শোধনাগাৰৰ তৰফৰ পৰা তিনিখন আৱৰ্জনা কঢ়িওৱা ভান, পাঁচখন আৱৰ্জনা কঢ়িওৱা তিনিচকীয়া বাহন আৰু ২৫ টা কঢ়িয়াব পৰা ডাষ্টবিন প্ৰদান কৰে ৷

অনুষ্ঠানত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ কাষতে থকা বোকাখাতক এখন নিকা আৰু স্বচ্ছ নগৰি হিচাপে গঢ়ি তুলিবৰ বাবে বোকাখাত পৌৰসভা আৰু প্ৰশাসনক আহ্বান কৰাৰ লগতে নুমলীগড় শোধনাগাৰকো এই ক্ষেত্ৰত সহায় কৰিবৰ বাবে মন্ত্ৰী অতুল বৰাই অনুৰোধ জনায় ৷ অনুষ্ঠানৰ শেষত মন্ত্ৰী অতুল বৰাই কাষতে থকা ইন্দিৰা গান্ধী স্মাৰক উদ্যানো দৰ্শন কৰে ৷