NORTHEAST NOW (Assamese)
অসম

বিজেপিত যোগদান নকৰে গুলাম নবী আজাদে, স্পষ্ট কৰিলে স্থিতি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী August 29, 2022 8:22 pm

সদ্য কংগ্ৰেছ ত্যাগী নেতা গুলাম নবী আজাদে আজি পুনৰ ৰাহুল গান্ধীৰ সৰব হৈ পৰে।আজাদে কয় যে ৰাজনীতিত ৰাহুলৰ “দক্ষতা” বা “আগ্ৰহ” নাই। যোৱা সপ্তাহত কংগ্ৰেছ ত্যাগ কৰা আজাদে লগতে কয় যে ৰাজ্যসমূহত দলটোত প্ৰক্ষেপিত নেতৃত্বই ইয়াৰ সদস্যসকলক একত্ৰিত কৰাৰ পৰিৱৰ্তে যি ইচ্ছা তাকে কৰিবলৈ এৰি দিছে।”

ৰাহুল গান্ধীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি অলপতে কংগ্ৰেছ ত্যাগ কৰাৰ পাছতে বৰ্ষীয়ান নেতা গুলাম নবী আজাদে এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ দিশে আগবাঢ়িছে।

জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কাশ্মীৰৰ ৰাজনীতিত নমাৰ উদ্দেশ্যে এটা নতুন দল আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

সংবাদ মাধ্যমৰ সৈতে এক সাক্ষাৎকাৰত আজাদে কয় যে তেওঁ বিজেপিত যোগদান কৰিব বুলি ওলোৱা কথা মিছা। তেওঁ এতিয়া জম্মু-কাশ্মীৰৰ ৰাজনীতিত জড়িত হ’ব আৰু ৰাজ্যখনত নিজাকৈ এটা দল গঠন কৰিব।

তাৰ পাছতহে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিৰ কথা চিন্তা কৰিব বুলি জেষ্ঠ নেতাগৰাকীয়ে উল্লেখ কৰে।

চলিত বছৰৰ শেষৰ ফালেই জম্মু আৰু কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। আজাদৰ ঘনিষ্ঠ সূত্ৰই ইতিমধ্যে জম্মু আৰু কাশ্মীৰ নিৰ্বাচনৰ পূৰ্বেই নতুন দল গঠনৰ ইঙ্গিত দিছে।

উল্লেখ্য যে গুলাম নবী আজাদে কিছুদিন পূৰ্বে জম্মু-কাশ্মীৰ কংগ্ৰেছৰ এটা গুৰুত্বপূৰ্ণ পদ ত্যাগ কৰাৰ পিছতে ক্ষোভ প্ৰকাশ কৰি দল ত্যাগ কৰিছিল।

প্ৰবীণ নেতা গৰাকীয়ে ছোনিয়া গান্ধীলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষোভ উজাৰি কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছিল।