NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

শীতল যুদ্ধৰ সামৰণি পেলোৱা ছোভিয়েট ইউনিয়নৰ অন্তিমগৰাকী ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 31, 2022 9:59 am
Mikhail Gorbachev

ছোভিয়েট ইউনিয়নৰ অন্তিমগৰাকী ৰাষ্ট্ৰপতি তথা শীতল যুদ্ধৰ সামৰণিৰ মূল কাণ্ডাৰী মিখাইল গৰ্বাচেভৰ যোৱা নিশা মৃত্যু হৈছে। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাৰে যুঁজি থকা নেতাগৰাকীৰ মস্কোৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।

শান্তিৰ নোবেল বঁটা বিজয়ী প্ৰখ্যাত নেতাগৰাকীৰ মৃত্যুৰ সময়ত বয়স ছিল ৯১ বছৰ। ৰাছিয়াৰ চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে ছোভিয়েট নেতাগৰাকীক মস্কোৰ নোভাডেভিক সমাধিক্ষেত্ৰত তেওঁৰ পত্নীৰ সমাধিৰ কাষতে সমাধিস্থ কৰা হ’ব।

উল্লেখ্য যে শীতল যুদ্ধৰ শান্তিপূৰ্ণ সমাপ্তিৰ লগতে জাৰ্মানীৰ একত্ৰীকৰণত গৰ্বাচেভে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এই ভূমিকাৰ বাবে তেখেত বিশ্বজুৰি বন্দিত হৈছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ছোভিয়েট ইউনিয়নে সুদীৰ্ঘকাল ধৰি লিপ্ত থকা শীতল যুদ্ধ সামৰণিৰ প্ৰাথমিক নীতি হিচাপে গৰ্বাচেভৰ নেতৃত্বত ছোভিয়েট ইউনিয়নে ১৯৮০ ৰ দশকত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে পাৰমাণৱিক নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছিল।

বিশ্ব ৰাজনীতিত গৰ্বাচেভৰ শান্তিমুখী এনে সংস্কাৰৰ বাবে ১৯৯০ চনত তেওঁক শান্তিৰ ন’বেল বঁটা লাভ কৰে। অৱশ্যে ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে গৰ্বাচেভৰ ৰাজনৈতিক জীৱনৰো পতনৰ আৰম্ভ হয়।

ছোভিয়েট ইউনিয়নৰ পতনৰ দিনাই তেওঁ ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল। পেৰেষ্ট্ৰইকা আৰু গ্লাছনষ্ট নীতিৰ প্ৰৱৰ্তক গৰ্বাচেভ কনষ্টাণ্টিন চেৰ্ণেঙ্কোৰ মৃত্যুৰ পিছত ১৯৮৫ চনত ক্ষমতালৈ আহে আৰু দেশৰ কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক আৰু মুখ্য নেতা হিচাপে নিযুক্ত হয়।

১৯৩১ চনৰ ২ মাৰ্চত ৰাছিয়াৰ প্ৰিব্লনয়, ষ্টাভৰোপোল ক্ৰাইত জন্মগ্ৰহণ কৰা গৰ্বাচেভে ১৯৫৩ চনত ৰাইচা গৰ্বাচেভাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিশ্ব ৰাজনীতিত নিজকে এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে প্ৰতিষ্ঠিত কৰা গৰ্বাচেভৰ মৃত্যুত সমগ্ৰ বিশ্বৰ নেতৃবৰ্গই শ্ৰদ্ধাঞ্জলি জনাইছে।