NORTHEAST NOW (Assamese)
অসম

বান বিধ্বস্ত পাকিস্তানত অকল্পনীয় হাৰত বৃদ্ধি খাদ্য সমগ্ৰীৰ দাম, পিয়াজৰ মূল্য ৫০০ শতাংশ বৃদ্ধি

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 5, 2022 5:58 pm

বানবিধ্বস্ত পিছত পাকিস্তানত খাদ্য সামগ্ৰীৰ দাম আকাশচুম্বী হৈছে। এনে পৰিস্থিতি বানে সকলো শেষ কৰি পেলোৱা দেশ খনৰ গৰিষ্ঠসংখ্যক লোকেই ত্ৰাহি মধুসূদন দেখিছে। দেশ খনত পিঁয়াজৰ মূল্য ৫০০ শতাংশ বৃদ্ধি পাইছে। আলুৰ মূল্য আগৰ তুলনাত চাৰিগুণ বৃদ্ধি পাইছে।

আন পাচলিৰ অৱস্থাও একে। প্ৰলয়ংকৰী বানপানীত বিধ্বস্ত পাকিস্তানত সকলো খাদ্য সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে। ফলস্বৰূপে, দেশত মূল্যবৃদ্ধি প্ৰায় ৩০ শতাংশ বৃদ্ধি হৈছে। সামগ্ৰিকভাৱে পাকিস্তানৰ সাধাৰণ লোকসকলৰ অৱস্থা এতিয়া অতি বেয়াৰ দিশে ধাবমান হৈছে। পাকিস্তানত এতিয়ালৈকে বানপানীত ৩০০০ ৰো অধিক লোকৰ মৃত্যু হৈছে।

বানপানীৰ আগতে পাকিস্তানৰ অৰ্থনীতিত ব্যাপক খহনীয়াই দেখা দিছে। বানপানীৰ ফলত দেশখনৰ কৃষি গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। ফলস্বৰূপে, খাদ্যৰ মূল্য আকাশচুম্বী হৈছে। পিঁয়াজৰ মূল্য প্ৰতি কিলোগ্ৰামত ৩০০ টকাৰ ঘৰ স্পৰ্শ কৰিছে। আগতে ইয়াৰ মূল্য প্ৰতি কিলোগ্ৰামত ৫০ টকা আছিল। আলুৰ মূল্য চাৰিগুণ বৃদ্ধি হৈ প্ৰতি কিলোগ্ৰামত ১০০ টকা হৈছে। বিলাহীৰ মূল্য প্ৰায় ৩০০ শতাংশ বৃদ্ধি পাইছে।

তেল আৰু ঘিউৰ দামো বাঢ়িছে। দুগ্ধজাত সামগ্ৰী আৰু আমিষ খাদ্যৰ যোগান হ্ৰাস হোৱাৰ ফলত তেনে সামগ্ৰীৰো মূল্য বৃদ্ধি হৈছে। কিছুদিন পূৰ্বে পাকিস্তানৰ বিত্ত মন্ত্ৰী মিফতা ইছমাইলে কৈছিল যে এইবাৰ পাচলিৰ মূল্য নিয়ন্ত্ৰণত থাকিব। শেহতীয়াকৈ মধ্য প্ৰাচ্যৰ কিছুমান দেশে পাকিস্তানক আৰ্থিক সাহায্য ঘোষণা কৰিছে। কিন্তু বিশেষজ্ঞসকলে নাভাবে যে বানপানীৰ পিছত অদূৰ ভৱিষ্যতে খাদ্য সামগ্ৰীৰ মূল্য হ্ৰাস পাব।

বিভিন্ন অঞ্চলৰ পৰা অভিযোগ আহিছে যে বানপীড়িত পাকিস্তানত সাধাৰণ মানুহে চৰকাৰী সাহায্য লাভ কৰা নাই। সাহায্য দিয়াৰ অজুহাতত মহিলাক ধৰ্ষণক ৰাৰ ঘটনাও পোহৰলৈ আহিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে দেশত এনে দুৰ্যোগৰ মাজত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অতি সক্ৰিয় হৈ পৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও ৰাজনৈতিক লাভালাভৰ কথা মনত ৰাখি ভাৰতৰ পৰা আৰ্থিক সহায় বিচৰাৰ সম্ভাৱনা বিজ্ঞ মহলে অস্বীকাৰ কৰিছে।