NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

বানবিধ্বস্ত পাকিস্তানত মানৱতাৰ জয়গান: বানপীড়িত মুছলমান লোকৰ শিবিৰ হিচাপে মুকলি হ’ল মন্দিৰৰ দুৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2022 6:24 pm
Pakistan Hindu templeopen for flood-hit Muslims

ধৰ্মকেন্দ্ৰিক সংঘাত আৰু ঘৃণাৰ অশান্তিজৰ্জৰ পৰিৱেশৰ মাজতে মানৱীয় প্ৰমূল্যৰ এক বন্দিত দৃশ্যই সম্প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছে বিশ্ব সম্প্ৰদায়ৰ। এই দৃশ্য সমুখলৈ আহিছে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বানবিধ্বস্ত পাকিস্তানৰ পৰা। বানে জুৰুলা কৰা দেশখনত বানপীড়িত মুছলমান সম্প্ৰদায়ৰ আশ্ৰয়ৰ বাবে মন্দিৰৰ দ্বাৰ মুকলি কৰি দিছে পাকিস্তানৰ সংখ্যালঘু হিন্দুসকলে।

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কাচ্চি জিলাৰ জালাল গাঁৱত বাস কৰা হিন্দু সম্প্ৰদায়ৰ লোকসকলে বানত প্ৰভাৱিত হোৱা কাষৰীয়া অঞ্চলৰ মুছলমান পৰিয়াল সকলে আশ্ৰয় ল’ব পৰাকৈ শিবিৰ হিচাপে মুকলি কৰি দিছে উপাসনাস্থলী।

নাৰী, বোলন আৰু লেহৰী নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ পিছত সৃষ্টি হোৱা ভয়াৱহ বানৰ ফলত বেলুচিস্তানৰ কাচ্চি জিলাৰ জালাল গাওঁ প্ৰদেশখনৰ বাকী অংশৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিছে।

এনে বিপদৰ সময়ত মানৱতাৰ নিদৰ্শন দাঙি ধৰি বানপীড়িত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ কাষত থিয় দিছে স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকসকল। হিন্দুসকলৰ উপাসনাস্থলী বাবা মধুদাস মন্দিৰৰ দুৱাৰ বানপীড়িত লোক আৰু তেওঁলোকৰ পশুধনৰ বাবে মুকলি কৰি দিয়ে।

স্থানীয় লোকসকলৰ মতে, হিন্দু সাধু বাবা মধুদাছ বিভাজনৰ পূৰ্বে অঞ্চলটোৰ মুছলমান আৰু হিন্দুসকলৰ দ্বাৰা সমানে লালিত-পালিত হৈছিল। জাতি আৰু ধৰ্মৰ পৰিৱৰ্তে মানৱতাৰ পৰিচয়েৰে মানুহক বিচাৰ কৰাৰ জ্ঞান দিয়া মধুদাসৰ মন্দিৰৰ দ্বাৰ সেয়ে সকলোৰে বাবে খোলা বুলি তেওঁলোকে উল্লেখ কৰে।

উল্লেখ্য যে পাকিস্তানত শেহতীয়া বানে তাণ্ডৱৰ সৃষ্টি কৰিছে। দেশখনৰ ৮০ খন জিলাত বানে প্ৰায় বিধ্বস্ত কৰি তুলিছে। বানৰ ফলত দেশখনত সহস্ৰাধিক লোকৰ ইতিমধ্যে মৃত্যু হৈছে।