NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধন বিধেয়ক বাতিলৰ দাবীত ডিব্ৰুগড়ত জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

Posted by: অভিক চক্ৰৱৰ্তী April 23, 2018 6:22 pm

নাগৰিকত্ব সংশোধন বিধেয়ক বাতিলৰ দাবীত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ডিব্ৰুগড়ত এক ৫ ঘণ্টীয়া  অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। যদিহে চৰকাৰে এই বিতৰ্কিত বিধেয়কখন বাতিল নকৰে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিব বুলি সঁকীয়াই দিয়ে।

অসমীয়া লোকৰ ভাষা, সংস্কৃতি আৰু পৰিচয়ৰ প্ৰতি ভাবুকি স্বৰূপ নাগৰিকত্ব সংশোধন বিধেয়ক, ২০১৬ তাৎক্ষণিক ভাৱে বাতিল কৰিব লাগে বুলি ডিব্ৰুগড় এ জে ৱাই চি পিৰ সাধাৰণ সম্পাদক ৰাজীৱ গগৈয়ে উল্লেখ কৰে।

তেওঁ কয়, ‘লাগিলে যি ধৰ্মৰে নহওক কিয়, ১৯৮৫ চনৰ অসম চুক্তি অনুসৰি  ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা প্ৰত্যেক ব্যক্তিক অবৈধ অনুপ্ৰৱেশকাৰী হিচাপে গণ্য কৰিব লাগিব। আমি ইয়াক কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ দাবী জনাও, ইয়াত কোনোধৰণৰ আপোচ হ’ব নোৱাৰে।’

এই ক্ষেত্ৰত দুমুখীয়া স্থিতি গ্ৰহণ কৰাৰ বাবে সৰ্বানন্দ সোণোৱাল চৰকাৰকো জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে সমালোচনা কৰে।

উল্লেখযোগ্য যে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰৰ বিজেপি চৰকাৰে ২০১৬ চনৰ আগষ্টত সংসদত উত্থাপন কৰা এই বিধেয়কখন অসমৰ প্ৰায় সকলো দল-সংগঠনে সৰ্বাত্মক বিৰোধিতা কৰাৰ পৰিপ্ৰেক্ষিতত এই সন্দৰ্ভত মতামত লোৱাৰ বাবে এক যুটীয়া সংসদীয় সমিতি গ্ৰহণ কৰা হৈছিল।

যোৱা ১৭ এপ্ৰিলত নতুন দিল্লীত যুটীয়া সংসদীয় সমিতিৰ শেহতীয়া শুনানি অনুষ্ঠিত হৈ যায়।