NORTHEAST NOW (Assamese)
অসম

‘কংগ্ৰেছ কৰ্মীসকলে নিজেই নাজানে তেওঁলোকৰ দলৰ সভাপতি কোন’: হিমাচলত কংগ্ৰেছক কটাক্ষ স্মৃতি ইৰাণীৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 18, 2022 9:13 pm

আজি বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে নানান বিষয়কলৈ কংগ্ৰেছক কটাক্ষ কৰে। উল্লেখ্য চলিত বছৰৰ শেষৰ ফালে হিমাচল প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচনৰ কথা বিবেচনা কৰি বিজেপিয়ে ৰাজ্য খনত প্ৰচাৰ আৰম্ভ কৰিছে। বিজেপিৰ কেন্দ্ৰীয় নেতাসকলে নিয়মীয়াকৈ হিমাচল প্ৰদেশ ভ্ৰমণ কৰি আছে আৰু নিৰ্বাচনৰ বাবে পৰিৱেশ সৃষ্টি কৰি আছে।

এনে সময়তে কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন দপ্তৰৰ মন্ত্ৰী স্মৃতি ইৰাণীয়ে চিমলাৰ ৰামপুৰত ‘নাৰী কো নমন’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। স্মৃতি ইৰাণীয়ে এই কাৰ্যসূচীতে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয়। ইৰাণীয়ে কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ সন্দৰ্ভতো প্ৰশ্ন কৰে। ইৰাণীয়ে অভিযোগ কৰে যে কংগ্ৰেছে জনসাধাৰণক সকলো লাভালাভ আৰু আৰামৰ পৰা বঞ্চিত কৰিছে।

ইৰাণীয়ে কয় কংগ্ৰেছে আধৰুৱা কৰি ৰখা উন্নয়নমূলক কাম বোৰ বিজেপিৰ সম্পূৰ্ণ কৰিছে। ইৰাণীয়ে দাবী কৰে, “বিজেপি চৰকাৰৰ সময়ত সমগ্ৰ দেশতে শৌচালয় নিৰ্মাণ কৰা হৈছে। ইয়াৰে ২ লাখ শৌচালয় কেৱল হিমাচল প্ৰদেশত নিৰ্মাণ কৰা হৈছে।” দেশত মহিলাসকলৰ বাবে পৰ্যাপ্ত শৌচালয় নথকাৰ বিষয়টোত কংগ্ৰেছ চিন্তিত হোৱা নাছিল বুলিও তেওঁ কয়। কংগ্ৰেছে আনকি অটল সুৰংগৰ কামো সম্পূৰ্ণ কৰা নাছিল বুলি ইৰাণীয়ে দাবী কৰে।

তেওঁ কয়, “কংগ্ৰেছ কৰ্মীসকলে নিজেই সুধিছে যে আমাৰ দলৰ সভাপতি কোন? কংগ্ৰেছ দলে ভাৰত জোড়ো যাত্ৰা কৰি আছে। কিন্তু তেওঁলোকেই ভাৰতক টুকুৰা টুকুৰাকৈ বিভক্ত কৰাত অৰিহণা যোগাইছে।”এই যাত্ৰাই কংগ্ৰেছৰ একো লাভ নকৰে বুলিও তেওঁ কয়।