NORTHEAST NOW (Assamese)
অসম

টাইৱানত ৭.২ প্ৰাবল্যৰ ভূমিকম্প, বাট-পথ বিধ্বস্ত , বাগৰি পৰিল ৰে’ল ,চুনামিৰ সতৰ্কবাণী

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 18, 2022 9:34 pm

শক্তিশালী ভূমিকম্পই জোকাৰিলে টাইৱানক। শনিবাৰে ৬.৫ প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ সময়ত দেওবাৰে ৭.২ প্ৰাবল্যৰ ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে।

বহু ঠাইত দলং খহি পৰাৰ লগতে ৰে’লো বাগৰি পৰে।। ভূমিকম্পৰ কেন্দ্ৰবিন্দু হৈছে য়ুজিং প্ৰদেশ।ভূমিকম্পৰ ফলত ১১ টাতকৈও অধিক অট্টালিকা বাগৰি পৰিছে।

হতাহতৰ সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই।শক্তিশালী প্ৰাবল্যৰ ভূমিকম্পত বহুলোক আহত হৈছে। বিভিন্ন চিকিৎসালয়লৈ আহত লোকসকলক স্থানান্তৰ কৰা হৈছে।

ভূমিকম্পৰ জোকাৰণিৰ ফলত ঘৰ আৰু সা-সম্পত্তি ক্ষতিগ্ৰস্ত হয়।ৰিখটাৰ স্কেলত ৭.২ প্ৰাবল্যৰ ভূমিকম্পটোৱে টাইৱানৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰে।

টাইৱানৰ প্ৰশাসনে উদ্ধাৰ অভিযানত সেনাবাহিনীক নিয়োগ কৰিছে আৰু বৰ্তমানো পূৰ্ণ গতিত এই উদ্ধাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে।