NORTHEAST NOW (Assamese)
অসম

Chhello Show: অস্কাৰৰ দৌৰত গুজৰাটী চলচ্চিত্ৰ ‘চেল্লো শ্বো’; আঁতৰিল ‘কাশ্মীৰ ফাইলছ’, ‘আৰআৰআৰ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 21, 2022 9:31 am

India’s official entry for 2023 Oscars বহু চেষ্টাৰ পিছতো আশা পূৰণ নহ’ল! ৰাজামৌলীৰ ‘আৰআৰআৰ’, বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ আৰু সঞ্জয় লীলা ভাঞ্চালীৰ ‘গঙ্গুবাই কাঠিয়াৱাড়ী’য়ে বক্স অফিচত বৃহৎ ব্যৱসায় কৰি বৃহৎ জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছতো অস্কাৰৰ দৌৰত পৰাজিত হ’ল।

বিগ বাজেটৰ ছবিক পিছ পেলাই অস্কাৰৰ দৌৰত আগবাঢ়িল গুজৰাটী চলচ্চিত্ৰ ‘চেল্লো শ্বো’ (Chhello Show)।

অস্কাৰ ২০২৩-ত ‘চেল্লো শ্বো’ বা ‘দ্য লাষ্ট শ্বো’ শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ বিভাগত ভাৰতৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ গৈ আছে। পৰিচালক পান নলিনৰ ছবিখনে গুজৰাটৰ এখন গাঁৱৰ কাহিনী বৰ্ণনা কৰিছে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে এজন কিশোৰে।

চলচ্চিত্ৰখনে ডিজিটেল মাধ্যমৰ আগমন আৰু চেলুলইডৰ অস্বস্তি হেৰুওৱাৰ কাহিনী দাঙি ধৰিছে। ছবিখনে ইতিমধ্যে দেশ-বিদেশৰ বহুতো চলচ্চিত্ৰ সমালোচকৰ পৰা প্ৰশংসা বুটলিছে।

এইবাৰ ছবিখন ভাৰতৰ পৰা অস্কাৰৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্তত অত্যন্ত সুখী পৰিচালকগৰাকী। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ ওচৰত তেওঁ নিজৰ আনন্দ ব্যক্ত কৰিছে।

মন কৰিবলগীয়া যে ১০০০ কোটি টকাৰ ব্যৱসায় কৰাৰ পিছত অহা বছৰৰ অস্কাৰৰ বাবে ‘আৰআৰআৰ’ক শ্ৰেষ্ঠ বিদেশী চলচ্চিত্ৰ আৰু অৰিজিনেল মিউজিকৰ দুটা শাখাত মনোনীত কৰা হ’ব বুলি বাতৰি ওলাইছিল।

এই উৰাবাতৰিটো বিভিন্ন বাতৰি কাকততো লিখা হৈছিল। কিন্তু অৱশেষত ‘চেল্লো শ্বো’য়ে সেই ছবিক অতিক্ৰমি আগবাঢ়িল।