NORTHEAST NOW (Assamese)
অসম

অবিবাহিত মহিলাসকলেও কৰিব পাৰিব  গৰ্ভপাত, ‘বৈবাহিক ধৰ্ষণো’ ‘ধৰ্ষণ’, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 29, 2022 2:02 pm
Supreme-Court-750x375

গৰ্ভপাত সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ে কয় যে দেশৰ সকলো মহিলাই সুৰক্ষিত গৰ্ভপাত কৰিব পাৰে।

বৃহস্পতিবাৰে, উচ্চতম ন্যায়ালয়ে এনে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি কয়  যে গৰ্ভপাতৰ ক্ষেত্ৰত বিবাহিত আৰু অবিবাহিত মহিলাসকলক পৃথক কৰাটো অসাংবিধানিক।

অবিবাহিত মহিলাসকলেও ২০ ৰ পৰা ২৪ সপ্তাহৰ ভিতৰত গৰ্ভপাত কৰাব পাৰে। এই ক্ষেত্ৰত আদালতে ২০২১ চনৰ ‘গৰ্ভধাৰণৰ আইন’ সংশোধনৰ বিষয়টো উত্থাপন কৰে।

বহুতৰে মনত ইমান দিনে প্ৰশ্ন জাগি আছিল যে অবিবাহিত মহিলাসকলে গৰ্ভৱতী হ’লে গৰ্ভপাত কৰাব পাৰিবনে নাই? আদালতে প্ৰদান কৰা  গুৰুত্বপূৰ্ণ ৰায়টোৰ  পিছত সেই সম্পৰ্কীয় বিভ্ৰান্তি আঁতৰিল।আনহাতে, উচ্চতম ন্যায়ালয়ে ‘বৈবাহিক ধৰ্ষণ’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয়  যে ‘বৈবাহিক ধৰ্ষণো’  ‘ধৰ্ষণ’।

এই সন্দৰ্ভত ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে এগৰাকী বিবাহিত মহিলাও যৌন নিৰ্যাতন বা ধৰ্ষণৰ বলি হ’ব পাৰে।

পত্নীৰ সন্মতি অবিহনে স্বামীৰ দ্বাৰা এগৰাকী মহিলা গৰ্ভৱতী হ’ব পাৰে। উল্লেখ্য  আমাৰ  দেশত, ‘বৈবাহিক ধৰ্ষণ’ক আইনী অপৰাধ বুলি গণ্য কৰা নহয়। সেই অৰ্থত, উচ্চতম ন্যায়ালয়ৰ পৰ্যৱেক্ষণ লক্ষণীয় বিচাবে বিবেচিত হৈছে।