NORTHEAST NOW (Assamese)
দেশ

পুনৰ এনকাউণ্টাৰ: বাৰামূলাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত দুই জঈছ-ই-মহম্মদ সদস্য

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 30, 2022 6:20 pm
Encounter

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ক্ৰমাৎ প্ৰতিকূল হৈ পৰিছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। উপত্যকাটোত নিৰন্তৰভাৱে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে কঠোৰ হৈ পৰিছে সেনা-আৰক্ষী। বিগত সময়চোৱাত সেনা-আৰক্ষীৰ অভিযানত কেইবাগৰাকীও সন্ত্ৰাসবাদী সদস্য নিহত হৈছে সীমান্তৱৰ্তী উপত্যকাটোত।

আজি পুনৰ উপত্যাকাটোৰ বাৰামূলাত নিৰাপত্তাৰক্ষীৰ অভিযানত নিহত হৈছে ইছলামিক সন্ত্ৰাসবাদী গোট জঈছ-ই-মহম্মদৰ দুগৰাকী সদস্য। কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰা মতে আজি পুৱতি নিশাৰ পৰা বাৰামুলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছিল।

দুপৰীয়ালৈ এই সংঘৰ্ষত সন্ত্ৰাসবাদী গোটটোৰ সদস্য দুগৰাকী নিহত হয় বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বাৰামূলাৰ পাট্টান অঞ্চলৰ য়েদিপোৰা নামৰ ঠাইত এই সংঘৰ্ষ সংঘটিত হয়।

কাশ্মীৰ জ’ন আৰক্ষীয়ে এনকাউণ্টাৰৰ সন্দৰ্ভত দুটাকৈ টুইট যোগে এই অভিযানৰ বিষয়ে সদৰী কৰে। প্ৰথমটো টুইটত এনকাউণ্টাৰটোত এগৰাকী সন্ত্ৰাসবাদী নিহত হৈছে বুলি জানিবলৈ দিয়াৰ লগতে অব্যাহত থকা অভিযানৰ বিৱৰণ পুনৰ দিয়া হ’ব বুলি উল্লেখ কৰিছিল।

তাৰ কিছু সময় পিছতে আন এটা এটা টুইটত দ্বিতীয়গৰাকী সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ জ’ন আৰক্ষীয়ে সদৰী কৰে। আৰক্ষীয়ে লগতে অভিযান অব্যাহত আছে বুলি টুইটটোত উল্লেখ কৰে।

 

উল্লেখ্য যে বাৰামূলাৰ লগতে আজি শ্বপিয়ান জিলাৰ চিত্ৰাগাম অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত আন এক সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। অৱশ্যে এই সংঘৰ্ষত হতাহত সন্দৰ্ভত বিশেষ খবৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।