NORTHEAST NOW (Assamese)
অসম

জলপাইগুৰিত অঘটনঃ মূৰ্তি বিসৰ্জনৰ সময়তে নদীত আহিল বানৰ ঢল, ৮ জন নিহত, বহুজন সন্ধানহীন

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 6, 2022 7:17 am

দুৰ্গা মূৰ্তি বিসৰ্জনৰ সময়তে জলপাইগুৰিত ঘটিল দুৰ্যোগ। হঠাতে নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাত বহু লোকক পানীৰ সোঁতে উটুৱাই লৈ যায়। বংগৰ জলপাইগুৰি জিলাৰ মালবজাৰত ঘটিছে এই অঘটন। প্ৰতিমা বিসৰ্জন দিবলৈ অহা বহুলোক মাল নদীত উটি যায়। ঘটনাটোত বহু মানুহ নদীৰ মাজত আবদ্ধ হৈ পৰে।

অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।। আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ যুদ্ধকালীনভাবে নামি পৰে প্রসাশনৰ লোক । প্ৰশাসনৰ উদ্যোগত জেচিবি ব্যৱহাৰ কৰি উদ্ধাৰ কাৰ্য চলোৱা হয়। স্থানীয় সূত্ৰৰ মতে পাহাৰৰ পৰা হঠাতে পানী নামি অহাৰ ফলতে নৈ খনত জলস্তৰ বৃদ্ধি পায়।

প্ৰশাসনে প্ৰকাশ কৰা মতে , কমেও ২০২৫ জন লোক সন্ধানহীন হৈ আছে।জিলা দণ্ডাধীশ মৌমিতা গোদাৰা বসুৱে কয় যে ৮ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। তেওঁলোকৰ ভিতৰত যুৱক-যুৱতী আৰু বয়সীয়াল লোকো আছে। বিসৰ্জনৰ সময়ত বহু লোক নদীৰ মাজৰ বালিত থিয় হৈ আছিল। তেওঁলোকৰ বহুতকে উদ্ধাৰ কৰা হৈছিল। অৱশ্যে, কিমান জন উটি গৈছে সেয়া সঠিককৈ কোৱা সম্ভৱ হোৱা নাই। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জলপাইগুৰিৰ আৰক্ষী অধীক্ষক দেবৰশী দত্তই কয়, “নিশা প্ৰায় ৮.৩০ বজাত নৈ খনত বান আহে। ফলস্বৰূপে, কেইজনমান লোক উটি যায়। তেওঁলোকৰ ৮ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কেইজনমানে নদীৰ মাজত এটা চাৰত আশ্ৰয় লৈছিল। আশ্ৰয় লোৱা সকলোক উদ্ধাৰ কৰা হৈছে। নদীখনত এতিয়াও উদ্ধাৰ অভিযান চলি আছে। নদীৰ পাৰটো খালী কৰা হৈছে। উদ্ধাৰ অভিযানত নামি পৰিছে আৰক্ষী, দুৰ্যোগ সঁহাৰি বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনী। ”